২০২০ চনৰ বাবে চৰকাৰী বন্ধৰ তালিকা ঘোষণা, চাওক বন্ধৰ সম্পূৰ্ণ তালিকা

News18-Assam
Updated:November 22, 2019, 12:42 PM IST
২০২০ চনৰ বাবে চৰকাৰী বন্ধৰ তালিকা ঘোষণা, চাওক বন্ধৰ সম্পূৰ্ণ তালিকা
৩৫ দিন ঘোষিত বন্ধৰ ভিতৰত ৬ দিন দেওবাৰ, দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ পৰিছে।

৩৫ দিন ঘোষিত বন্ধৰ ভিতৰত ৬ দিন দেওবাৰ, দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ পৰিছে।

  • News18 Assam
  • Last Updated: November 22, 2019, 12:42 PM IST
  • Share this:
২০২০ চনৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিলে চৰকাৰী বন্ধৰ তালিকা। সেই অনুসৰি ৩৫ দিন চৰকাৰী বন্ধ আৰু ৩১ দিন সীমিত বন্ধ ঘোষণা কৰা হৈছে। ৩৫ দিন ঘোষিত বন্ধৰ ভিতৰত ৬ দিন দেওবাৰ, দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ পৰিছে। তদুপৰি থাকিব দুদিন অৰ্ধছুটী। মহৰম আৰু লক্ষ্মী পূজা উপলক্ষে ঘোষণা কৰা হৈছে অৰ্ধছুটী। চাওক কোনদিনা কি বন্ধ থাকিব ২০২০ চনত।

২০২০ চনৰ চৰকাৰী বন্ধৰ তালিকা
তাৰিখ উপলক্ষ
১৫, ১৬ জানুৱাৰী মাঘ বিহু আৰু টুছু পূজা
২৩ জানুৱাৰী নেতাজীৰ জন্মদিৱস
২৬ জানুৱাৰী গণৰাজ্য দিৱস
২৮ জানুৱাৰী গৗথাৰ বাথৌ ছান
৩১ জানুৱাৰী মে–দাম–মে–ফি
৯ ফেব্ৰুৱাৰী বীৰ চিলাৰায় দিৱস
৯ মাৰ্চ দৌলযাত্ৰা
১০ এপ্ৰিল গুড ফ্ৰাইডে
১৩, ১৪, ১৫ এপ্ৰিল ব’হাগ বিহু
২৩ এপ্ৰিল দামোদৰ দেৱৰ তিথি
১ মে’ মে’ দিৱস
৭ মে’ বুদ্ধ পূৰ্ণিমা
২৫ মে’ ঈদ–উল–ফিতৰ
৬ জুন শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মোৎসৱ
১ আগষ্ট ঈদ–উজ–জোহা
১৫ আগষ্ট স্বাধীনতা দিৱস
২০ আগষ্ট শ্ৰীমন্ত শংকৰদেৱৰ তিথি
৭ ছেপ্টেম্বৰ শ্ৰীশ্ৰী মাধৱদেৱৰ তিথি
৯ ছেপ্টেম্বৰ জন্মাষ্টমী
২৬ ছেপ্টেম্বৰ শ্ৰীশ্ৰী শংকৰদেৱৰ জন্মোৎসৱ
২ অক্টোবৰ গান্ধী জয়ন্তী
১৭ অক্টোবৰ কাতি বিহু
২৩, ২৪, ২৫, ২৬ অক্টোবৰ দুৰ্গা পূজা আৰু বিজয়া দশমী
১৪ নৱেম্বৰ কালী পূজা আৰু দীপাৱলী
২০ নৱেম্বৰ ষট পূজা
২৪ নৱেম্বৰ লাচিত দিৱস
৩০ নৱেম্বৰ গুৰু নানকৰ জন্মদিৱস
২ ডিচেম্বৰ অসম দিৱস
২৫ ডিচেম্বৰ বৰদিন


অৰ্ধছুটী
৩০ আগষ্ট মহৰম
৩০ অক্টোবৰ লক্ষ্মী পূজা


আৰু চাওক
পৰৱৰ্তী বাতৰি