ফিল্মফেয়াৰৰ বাবে ২৩কোটি টকা দি ৩৫কোটি টকা পালে অসমে

ব্লেক লেডীৰ ক্ষেত্ৰত পৰম্পৰা ভংগ কৰিলে TIMES OF INDIAই ৷ ব্লেক লেডী আগবঢ়ালে বিহুৱতীয়ে ।
ব্লেক লেডীৰ ক্ষেত্ৰত পৰম্পৰা ভংগ কৰিলে TIMES OF INDIAই ৷ ব্লেক লেডী আগবঢ়ালে বিহুৱতীয়ে ।
- News18 Assam
- Last Updated: February 18, 2020, 3:19 PM IST
‘'অসমৰ ৰাইজৰ অকুণ্ঠ মৰমত সফল হ’ল ফিল্মফেয়াৰ ৷ ফিল্মফেয়াৰত জড়িত শিল্পী সমাজকো কৃতজ্ঞতা জনাইছো ৷ বলীউডৰ পৰা সৰ্বমুঠ ৮০তকৈ অধিক তাৰকা আহিছিল অসমলৈ ৷ অক্ষয় কুমাৰ, মাধুৰী দীক্ষিত, ৰণবীৰ সিং, বিকী কৌশল, আয়ুষ্মান খুৰানা,কৰণ জোহৰ, বৰুণ ধাৱন, কাৰ্তিক আৰিয়ান,গোবিন্দা, পূজা হেগড়ে, আলিয়া ভাট, কবীৰ বেদী,ভূমি পাডনেকাৰকে ধৰি ৮০তকৈ অধিক তাৰকাই ভাগ লৈছেে ফিল্মফেয়াৰত ৷" এই কথাৰ লগতে সংযোজন ঘটাই জয়ন্ত মল্ল বৰুৱাই লগতে ক'লে—
"মুম্বাইতো একেলগে ইমান তাৰকা নাথাকিছিল বুলি TOIয়ে জনাইছে ৷ এইবছৰ দুশ কোটি লোকক চুব ফিল্মফেয়াৰে ফেচবুক,ইনষ্টাগ্ৰামকেে ধৰি বিভিন্ন মাধ্যম যোগে ৷ অসম পৰ্যটন মানুহৰ মাজলৈ যাব ৷ আমি তাকে বিচাৰিছিলোঁ ৷ বহুতে বিতৰ্ক কৰিছে ২৩কোটি টকা ব্যয় কৰি অসমে কি পালে বুলি? আমি যি আঠটা প্ৰম' প্ৰস্তুত কৰিছিলো তাত আমাৰ স্বত্ব আছে ৷ অসম পৰ্যটনক প্ৰতিটো প্ৰম'ৰ জৰিয়তে সৱল ৰূপত প্ৰতিফলন ঘটোৱা হৈছে ৷ যিটো আন প্ৰক্ৰিয়াৰে অসম্ভৱ কথা ৷ অসমৰ কথা কোৱাবলৈ সহজ নহ'লহেঁতেন ফিল্মফেয়াৰক বাদ দি ৷ অসমক ৯-১২মিনিট সময় উপস্থাপন কৰা হ'ল ফিল্মফেয়াৰত ৷"
২৩কোটি টকা ফিল্মফেয়াৰৰ বাবে দি কোনো লোকচানৰ সন্মুখীন হোৱা নাই বুলি যুক্তি দি জয়ন্ত মল্ল বৰুৱাই লগতে ক'লে, "৭৫০ৰ পৰা ৮০০ষ্টাৰ কেটেগৰীৰৰ হোটেলৰ কোঠা ব্যৱহাৰ কৰা বুলি আমাক TIMES OF INDIAই জানিবলৈ দিছে ৷ সেই হোটেল সমূহে টকা পোৱা মানে অসমে পোৱা নহয় জানো? অকল হোটেল নহয় তাৰকা সকলৰ লগতে আন বিষয়ববীয়াৰ বাবে প্ৰায় ৫০০ বিলাসী গাড়ী অসমৰ পৰা ভাড়া লৈছিল ৷ এইসমূহ টকা অসমেই পাইছে ৷ প্ৰায় ৩৫-৪০কোটি TOIএ অসমক দি গৈছে বিভিন্ন ক্ষেত্ৰত ৷"