কেন্দ্ৰীয় চৰকাৰৰ গৃহ-নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে প্ৰধানমন্ত্ৰী আৱাস যোজনা (উত্তৰ-পূৰ্বাঞ্চল)ৰ অধীনত বিশেষ বঁটা শিতানত অসমক সৰ্বাধিক উন্নত ফলাফল প্ৰদৰ্শন কৰা ৰাজ্য (Most Improved State) হিচাপে পুৰস্কৃত কৰিছে। গুজৰাটৰ ৰাজকোটত বুধবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত ভাৰতীয় নগৰীয়া গৃহ-নিৰ্মাণ সন্মিলন (Indian Urban Housing Conclave)ত ৰাজ্যখনৰ হৈ এই পুৰস্কাৰ গ্ৰহণ কৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে।
ৰাজ্যখনে অৰ্জন কৰা এই স্বীকৃতি তথা সফলতাৰ বাবে মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা (চহৰাঞ্চল), অসমৰ মিছন সঞ্চালক প্ৰমুখ্যে অন্যান্য অংশীদাৰসকললৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। "সকলোৰে বাবে আৱাস" নিশ্চিত কৰাৰ লক্ষ্যৰে এই দূৰদৰ্শী আঁচনিখন প্ৰণয়ন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমত আঁচনিখন ৰূপায়ণত বলিষ্ঠ নেতৃত্বৰে মাৰ্গদৰ্শন কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো মন্ত্ৰী সিংহলে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।
উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰা এই সন্মিলনত মন্ত্ৰী সিংহলৰ নেতৃত্বত এটা দলে অসমক প্ৰতিনিধিত্ব কৰিছে। সন্মিলনৰ শুভাৰম্ভ অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী আৰু বিভাগটোৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী কৌশল কিশোৰো উপস্থিত থাকে। এই অনুষ্ঠানতে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিভিন্ন ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে অংশগ্ৰহণকাৰী ৰাজ্যসমূহক বঁটা প্ৰদান কৰা হয়।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|