অসমৰ উজ্জ্বল নক্ষত্ৰ স্নিগ্ধা গোস্বামী। পূৰ্বোত্তৰৰ ৰাইজিং স্প'ৰ্টছ স্নিগ্ধা গোস্বামী হ'ল দেশৰ ভৱিষ্যৎ। মাত্ৰ ৮ বছৰ বয়সতে গ'ল্ফৰ প্ৰেমত পৰা স্নিগ্ধা গোস্বামীয়ে ডুবাইৰ বুটছ হাৰমন স্কুল অৱ গ'ল্ফত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত বাংগালুৰুৰ তৰুণ সৰদেশী গ'ল্ফ একাডেমীত কঠোৰ পৰিশ্ৰম কৰা স্নিগ্ধা গোস্বামী হ'ল এতিয়া ভাৰতবৰ্ষৰ সম্পদ।
মাত্ৰ ১৬ বছৰ বয়সতে দক্ষিণ মন্ডলৰ ১৮ বছৰৰ অনূৰ্ধ্ব গ'ল্ফত চেম্পিয়ন হৈছিল স্নিগ্ধা গোস্বামীয়ে। দুদিনৰ বাবে গুৱাহাটীৰ স্বগৃহলৈ অহা স্নিগ্ধা গোস্বামীয়ে তামিলনাডু, তেলেংগানা, কেৰালা, অন্ধ্ৰ প্ৰদেশৰ প্ৰতিদ্বন্দ্বী খেলুৱৈক পৰাজিত কৰাৰ অভিজ্ঞতা উল্লেখ কৰে NEWS18ৰ সন্মুখত।
গ'ল্ফাৰ স্নিগ্ধা গোস্বামীৰ লক্ষ্য ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিক গেমছ। অলিম্পিকৰ স্বৰ্ণপদকৰ লগতে বিশ্ব চেম্পিয়ন হ'ব বিচাৰে স্নিগ্ধা গোস্বামীয়ে। ডুবাইত ১১খনকৈ প্ৰতিযোগিতাত চেম্পিয়ন সন্মান লাভ কৰা স্নিগ্ধা গোস্বামী নিৰ্বাচিত হৈছিল স্কটলেন্ডৰ UK Kids Golfৰ বাবেও। উৰ্মী গোস্বামী আৰু ৰাজনীশ গোস্বামীৰ কন্যা স্নিগ্ধা গোস্বামীয়ে অলিম্পিকৰ সপোনক লক্ষ্য হিচাপে লৈ নিতৌ ৫/৬ ঘন্টা সময় অনুশীলন চলাই আছে।
সম্প্ৰতি কৰ্ণাটকৰ হৈ দেশৰ প্ৰতিযোগিতাত অংশ লোৱা স্নিগ্ধা গোস্বামীয়ে ভৱিষ্যতে অসমৰ হৈ খেলিব বিচাৰে। তেওঁৰ উত্তৰণৰ বাবে স্নিগ্ধা গোস্বামীয়ে ৰাজ্যবাসীৰ পৰা বিচাৰিছে মৰম আৰু আশীৰ্বাদ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|