உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • গোলাঘাটৰ পাঁচআলিত ভয়ংকৰ অগ্নিকাণ্ড ! ১১খন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত ...

    গোলাঘাটৰ পাঁচআলিত ভয়ংকৰ অগ্নিকাণ্ড ! ১১খন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত ...

    গোলাঘাটৰ পাঁচআলিত ভয়ংকৰ অগ্নিকাণ্ড ৷ প্ৰায় এঘাৰখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে এটা ঘৰ সম্পূৰ্ণৰূপে এই জুইত জাহ যায় 

    গোলাঘাটৰ পাঁচআলিত ভয়ংকৰ অগ্নিকাণ্ড ৷ প্ৰায় এঘাৰখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে এটা ঘৰ সম্পূৰ্ণৰূপে এই জুইত জাহ যায় 

    গোলাঘাটৰ পাঁচআলিত ভয়ংকৰ অগ্নিকাণ্ড ৷ প্ৰায় এঘাৰখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে এটা ঘৰ সম্পূৰ্ণৰূপে এই জুইত জাহ যায় 

    • Share this:
    গোলাঘাটৰ পাঁচআলিত ভয়ংকৰ অগ্নিকাণ্ড ৷ প্ৰায় এঘাৰখন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে এটা ঘৰ সম্পূৰ্ণৰূপে এই জুইত জাহ যায় ৷ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতেই ততাতৈয়াকৈ ঘটনাস্থলীত গোলাঘাট নুমলীগড়  দেৰগাঁও অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হয় যদিও বহু ঘণ্টাৰ পিছতহে অগ্নি নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷

    পাঁচআলিৰ মৃদুল বৰাৰ বাসগৃহটো জুইত সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে এখন মহিন্দ্ৰা মাৰাজো গাড়ী আৰু এখন বাইকৰ লগতে কোটি টকাৰ সা-সম্পতি সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ পৰিস্থিতিৰ বুজ ল’বলৈ ঘটনাস্থলীত গোলাঘাট জিলাৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱা উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷ কি কাৰণত অগ্নিকাণ্ড সংঘটিত হ’ল জানিব পৰা হোৱা নাই যদিও স্থানীয় লোকৰ একাংশৰ মতে মৃদুল বৰাৰ ঘৰৰ পৰাই অগ্নিকাণ্ড সংঘটিত হোৱাৰ কথা উল্লেখ কৰে ৷ উল্লেখ্য যে দিন-দুপৰতে গোলাঘাটৰ পাঁচআলিত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতেই নগৰখনত একপ্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷
    Published by:Kokil Sarma
    First published: