মুখ্যপৃষ্ঠা »খবৰ »অসম »Corona Virus: অসমৰ এখন জিলাত ভয়াৱহ ক'ভিড পৰিস্থিতি ! জিলাখনৰ ক'ভিড পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিলে স্বাস্থ্য মন্ত্ৰীয়েও ...

Corona Virus: অসমৰ এখন জিলাত ভয়াৱহ ক'ভিড পৰিস্থিতি ! জিলাখনৰ ক'ভিড পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিলে স্বাস্থ্য মন্ত্ৰীয়েও ...

গোলাঘাট জিলাত আক্ৰান্তৰ হাৰ হৈছে ১৮ শতাংশ। দেওবাৰে জিলাখনত ১১৪ জন লোকক ক'ভিড পজিটিভ চিনাক্ত হয়। সম্প্ৰতি জিলাখনত ২ সহস্ৰাধিকতকৈও অধিক লোক চিকিৎসাধীন হৈ আছে।

  • Share this:
বিগত কেইটামান দিনত গোলাঘাট জিলাৰ ক'ভিড পৰিস্থিতিয়ে চিন্তাত পেলাইছে ৰাজ্য চৰকাৰকো। স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই জিলাখনৰ ক'ভিড পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

জিলাখনত আক্ৰান্তৰ হাৰ হৈছে ১৮ শতাংশ। দেওবাৰে জিলাখনত ১১৪ জন লোকক ক'ভিড পজিটিভ চিনাক্ত হয়। সম্প্ৰতি জিলাখনত ২ সহস্ৰাধিকতকৈও অধিক লোক চিকিৎসাধীন হৈ আছে। জিলাখনত আৰোগ্যৰ হাৰ হৈছে ৮৩ শতাংশ। সামাজিক মাধ্যমতো বিভিন্ন লোকে জিলাখনৰ ক'ভিড পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ক'ভিড মহামাৰীৰ দ্বিতীয় ঢৌত এই পৰ্যন্ত ১২,৮৯৯ জন লোক ক'ৰোনা মহামাৰীৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু ১১৭ জন লোক মৃত্যুমুখত পৰিছে। অৱশ্যে দেওবাৰে জিলাখনৰ ৩৫৮ জন লোক Covidৰ পৰা আৰোগ্য হয়।

গোলাঘাট জিলাৰ বোকাখাত ৰাজহ চক্ৰৰ অন্তৰ্গত পানবাৰী লাইন, শিলজুৰি ৩নং লাইন আৰু হাতীখুলি ৬নং লাইন এলেকাক প্ৰশাসনে মাইক্ৰ' কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে। অঞ্চলটোত অকৰ্তৃত্বশীলভাৱে কোনো লোকৰ আহ-যাহত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

শেহতীয়া বাতৰি