ঝাৰখণ্ডত মাওবাদীৰ গুলীত নিহত জোৱান নীৰজ ছেত্ৰীৰ ঘৰ গহপুৰত

News18-Assam
Updated:June 2, 2019, 2:55 PM IST
ঝাৰখণ্ডত মাওবাদীৰ গুলীত নিহত জোৱান নীৰজ ছেত্ৰীৰ ঘৰ গহপুৰত
ঝাৰখণ্ডৰ দুমকাত আৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষত নিহত হোৱা জোৱান নিৰজ ছেত্ৰীৰ ঘৰ গহপুৰত

নীৰজ ছেত্ৰীৰ বিয়াৰ জো-যা চলাই থকা সেনা জোৱানৰ পৰিয়ালবৰ্গক এইবিষয়ে বিভাগীয় ভাৱে জনোৱা নাই যদিও জোৱানজনৰ মৃত্যুৰ খবৰ লাভ কৰিছে গাঁওবাসীয়ে।

  • Share this:
ঝাৰখণ্ডৰ দুমকাত আৰক্ষী আৰু মাওবাদীৰ সংঘৰ্ষত নিহত হোৱা অসমৰ জোৱান নীৰজ ছেত্ৰীৰ ঘৰ গহপুৰৰ কাউৰীপথাৰ কাৰিবিল নেপালী গাঁৱত। কাৰিবিল নেপালী গাঁৱৰ টিকাৰাম ছেত্ৰী আৰু গংগামায়া দেৱীৰ কনিষ্ঠ পুত্ৰ নিহত জোৱানজন। নীৰজ ছেত্ৰীৰ বিয়াৰ জো-যা চলাই থকা সেনা জোৱানৰ পৰিয়ালবৰ্গক এইবিষয়ে বিভাগীয় ভাৱে জনোৱা নাই যদিও জোৱানজনৰ মৃত্যুৰ খবৰ লাভ কৰিছে গাঁওবাসীয়ে।

উল্লেখ্য যে, দেওবাৰে পুৱতি নিশা ৪ বজাত আৰক্ষী আৰু মাওবাদীৰ মুখামুখি হৈছিল। ঘটনাত SSBৰ এজন জোৱান শ্বহীদ হোৱাৰ লগতে আন ৪জন জোৱান আহত হয়। আহত জোৱানকেইজনক চিকিৎসাৰ বাবে সদৰ হাস্পতাললৈ লৈ যোৱা হয়।
আৰু চাওক
পৰৱৰ্তী বাতৰি