Inspiration: গহপুৰৰ চন্দামাৰী পথাৰৰ দুই উচ্চশিক্ষিত ভগ্নীৰ কৰ্ম সংস্কৃতিৰ নিদৰ্শন। নিজৰ ক্ষুদ্ৰ চাহ বাগিচাত কাম কৰি দেখুৱাইছে আদৰ্শৰ চানেকি।
Inspiration: গহপুৰৰ চন্দামাৰী পথাৰৰ দুই উচ্চশিক্ষিত ভগ্নীৰ কৰ্ম সংস্কৃতিৰ নিদৰ্শন। নিজৰ ক্ষুদ্ৰ চাহ বাগিচাত কাম কৰি দেখুৱাইছে আদৰ্শৰ চানেকি।
মৌচুমী আৰু মলয়া।অঞ্চলটোত উচ্চ শিক্ষিত যুবতী হিচাপে সুপৰিচিত দুয়োগৰাকী।সমন্ধত দুয়ো ভগ্নী। গহপুৰ মহকুমাৰ হেলেম মৌজাৰ টকৌবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত চন্দামাৰী পথাৰৰ এটি কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰা এই দুই ভগ্মী মৌচুমী বৰা আৰু মলয়া বৰাই ৰ'দ-বৰষুণ একাকাৰ কৰি নিজৰ ক্ষুদ্ৰ চাহ বাগিচাত কৰি অহা কঠোৰ শ্ৰমেৰে ডাঙি ধৰি আহিছে কৰ্ম সংস্কৃতিৰ এক বাস্তৱ নিদৰ্শন।
চন্দামাৰী পথাৰ নিবাসী প্ৰয়াত নগেন বৰা আৰু ৰেণু বৰাৰ জীয়ৰী মৌচুমী আৰু মলয়াই অসমীয়া বিষয়ত স্নাতক শাখা উত্তীৰ্ণ হোৱাৰ পিছত স্নাতকোত্তৰ পাঠ্যক্ৰমত নাম অন্তৰ্ভুক্ত কৰি ঘৰৰ পৰাই উচ্চ শিক্ষাৰ পাঠ গ্ৰহণ কৰি আছে। কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰি সৰুৰে পৰা লাভ কৰা বিভিন্ন ঘাট-প্ৰতিঘাটৰ মাজেৰে আগবাঢ়ি গৈ পোহৰৰ বাট বুটলিবলৈ সক্ষম হোৱা এই দুই ভগ্নীয়ে যোৱা প্ৰায় ৫/৬ বছৰৰ পুৰ্বে প্ৰায় এক হেক্টৰ মাটিত আৰম্ভ কৰে চাহ খেতি।মৌচুমী আৰু মলয়াৰ হাতৰ পৰশত প্ৰাণ পাই উঠা তেওঁলোকৰ চাহ খেতি সময় বাগৰি এতিয়া পুৰঠ হ'ল সম্পূৰ্ণ ৰূপে।তেওঁলোকৰ ক্ষুদ্ৰ চাহ বাগিচাখনি পুৰঠ হোৱাৰ পিছৰে পৰা আগতকৈ ব্যস্ততাও বাঢ়িল মৌচুমী আৰু মলয়াৰ।কাৰণ মৌচুমী আৰু মলয়াই পাত তোলা কাৰ্যত প্ৰয়োজন হ'লেহে শ্ৰমিক নিয়োগ কৰে।ইয়াৰ বিপৰীতে তেওঁলোকে ৰ'দ-বৰষুণ একাকাৰ কৰি পুৱাৰে পৰা সন্ধিয়ালৈকে নিজে পাত তুলি কৰ্মসংস্কৃতিৰ এক বাস্তৱ নিদৰ্শন দেখুৱাই আহিছে।পাত তোলাৰ উপৰিও বাগিচা পৰিচালনা কৰা, কলন কটা, সাৰ আৰু কীটনাশক প্ৰয়োগ কৰা, জেওৰা-জপনা দিয়া, নলা পৰিস্কাৰ কৰা আদি প্ৰতিটো দিশো তেওঁলোকে নিখুঁত ভাবে পৰিচালনা কৰি সফলতা দেখুওৱাই আহিছে।অৱশ্যে এনেধৰণৰ কিছুমান কামত তেওঁলোকে নিয়োগ কৰে শ্ৰমিক। কামৰ যে সৰু-বৰ নাই আৰু ইচ্ছা থাকিলে পুৰুষৰ লগত সমানে ফেৰ মাৰি মহিলাইয়ো সকলো কামেই কৰি দেখুৱাব পাৰে তাৰ বাস্তৱ উদাহৰণ ডাঙি ধৰা মৌচুমী আৰু মলয়াই এইক্ষেত্ৰত নিজৰ অনুভৱ ব্যক্ত কৰি কয় যে চাহ বাগিচাৰ সেউজীয়া পৰিবেশে তেওঁলোকক মোহাচ্ছন্ন কৰি তোলাৰ লগতে দিনক দিনে চাহ খেতিৰ প্ৰতি তেওঁলোকৰ ধাউতি বৃদ্ধি পাইছে।গহপুৰ মহকুমাত যিমান ক্ষুদ্ৰ চাহ বাগিচা আছে প্ৰতিখন চাহ বাগিচাৰ লগত পুৰুষ খেতিয়ক জড়িত হৈ আছে।যাৰবাবে চাহ খেতিত কৃতকাৰ্য হ'ব পাৰিম নে নাই বুলি তেওঁলোকৰ প্ৰথম অৱস্থাত কিছু ভয়-শংকা হৈছিল যদিও তেওঁলোকে প্ৰবল আত্মবিশ্বাস বুকুত বান্ধি আগবাঢ়ি গৈ এতিয়া পুৰুষ খেতিয়কৰ সমানে সমানে আগবাঢ়ি যাব পৰা হ'ল।
গহপুৰ মহকুমাত মৌচুমী আৰু মলয়াই একমাত্ৰ মহিলা চাহ খেতিয়ক হ'ব যিয়ে সকলো প্ৰত্যাহ্বান নেওচি মহিলা ক্ষুদ্ৰ চাহ খেতিয়ক হিচাপে নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ সক্ষম হৈছে।এই দুই ভগ্নীয়ে অসম চৰকাৰৰ প্ৰতি আহ্বান জনাই কয় যে চৰকাৰে কেচা চাহ পাতৰ উপযুক্ত মুল্য নিjৰ্ধাৰণ কৰি খাটিখোৱা চাহ খেতিয়ক সকলক সকাহ দিয়া উচিত।ইয়াৰ অন্যথা কেচা চাহ পাতৰ উপযুক্ত মূল্যৰ অভাৱত অথলে যায় ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ শ্ৰমৰ মুল্য। আধুনিকতাৰ ধামখুমিয়াত উটি ভাহি নগৈ কৰ্মৰ জৰিয়তে নিজৰ পৰিচয় ডাঙি ধৰি অহা মৌচুমী আৰু মলয়াৰ এই কৰ্মস্পৃহাক সকলোৱে শলাগ লৈছে।এনেধৰণৰ কৰ্মস্পৃহা থকা যুৱতীক চৰকাৰে সহানুভূতিৰ দৃষ্টিৰে চোৱাৰ আশা প্ৰকাশ কৰিছে সচেতন ৰাইজে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|