ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন SOP
ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন SOP
ৰাজ্যত অব্যাহত আছে কোৰোণাৰ সংহাৰী ৰূপ। যদিও সংক্ৰমণ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে, তথাপিও ঠায়ে ঠায়ে কোৰোণাই লৈছে ভয়ংকৰ ৰূপ। সেইদৰে অহা বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যৰ ৯ খন জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰো সম্ভাৱনা আছে। এনে সময়তে ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন কোভিড নিৰ্দেশনা।
কি কি আছে নতুন SOPতঃ
- গুৱাহাটীত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন।
- দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাঙত ৫ বজাৰ পৰা সান্ধ্য আইন।
- ওদালগুৰি, পশ্চিম কাৰ্বি আংলঙত ৫ বজাৰ পৰা সান্ধ্য আইন। ডিমা হাছাও, চৰাইদেউতো সান্ধ্য আইন বিয়লি ৫ বজাৰ পৰা।
- কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, শোণিতপুৰ কঠোৰ পৰ্যবেক্ষণত থাকিব। পৰিস্থিতি উপশম নহ’লে এই ৫ জিলাত শীঘ্ৰেই অধিক কঠোৰতা।
- আন জিলাসমূহত দিনৰ পৰা ১ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন।
- দোকান-পোহাৰ সময়ৰ ক্ষেত্ৰত পূৰ্বৰ নিৰ্দেশনাই বাহাল থাকিব।
- প্ৰতিষেধকৰ দুয়োটা ড’জ লোৱা কৰ্মচাৰীৰ কাৰ্যালয়ত উপস্থিতি বাধ্যতামূলক।
- গৰ্ভৱতী মহিলা, ৫ বছৰৰ তলৰ শিশু থকা মাতৃৰ বাবে Work From Home। এইসকল মাতৃৰ Work From Home বেচৰকাৰী কাৰ্যালয়তো প্ৰযোজ্য হ’ব।
- দুচকীয়া বাহনত মহিলা আৰু শিশুৰ বাহিৰে দুজন উঠিব নোৱাৰিব।
- আন্তঃজিলা যাতায়াত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব।
- আৰক্ষী, স্বাস্থ্যকৰ্মী, সংবাদকৰ্মীৰ ক্ষেত্ৰত পূৰ্বৰ শিথিলতা বাহাল থাকিব।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|