নিলয় ভট্টাচাৰ্য : ১৯৪৬ চনৰ ৯ জানুৱাৰীত অসমলৈ তৃতীয়বাৰৰ বাবে আহিছিল বাপুজী। উলুবাৰীৰ শৰণীয়া পাহাৰত এটা সাধাৰণ জুপুৰীত আশ্ৰয় লৈছিল জাতিৰ পিতা। গান্ধীজীৰ অসম ভ্ৰমণৰ খবৰ পাই অসংখ্য লোকৰ সমাগম ঘটিছিল শৰণীয়া পাহাৰত। এই খবৰ পাই পঞ্চম শ্ৰেণীত অধ্যয়নৰত ইমি দাসে নিজ বাসগৃহৰ পৰা শৰণীয়া পাহাৰলৈ বুলি ঢাপলি মেলিছিল। এবাৰ গান্ধীজীক নিজ চকুৰে চোৱাৰ হেঁপাহ লৈ শৰণীয়াত উপস্থিত হ’য়গৈ ইমি।
সৰু ছোৱালীজনীক সন্মুখত দেখি বাপুজীয়ে সুধিলে ‘তুমহাৰা নাম ক্যা হ্যে’? থুনুক থানাক মাতেৰে তাই উত্তৰ দিলে – ইলি দাস। গান্ধীজীৰ সৈতে প্ৰথম পৰিচয় হোৱাৰ দিনৰে পৰা অসম এৰি যোৱা সময়ছোৱালৈকে নিজৰ ছাঁৰ দৰে ইমিক লগতে ৰাখিছিল গান্ধীজীয়ে।
সেই সময়ত গান্ধীৰ সৈতে ইমি আৰু ইমিৰ অন্তৰংগ বান্ধবীৰে উঠা আলোকচিত্ৰসমূহ আজিও নিজৰ শোৱনি কোঠাৰ এচুকত সযতনে ৰাখিছে ইমিয়ে। আলোকচিত্ৰসমূহত সদায় গান্ধীজীৰ সোঁহাতে আছিল ইমি।
গান্ধীজীয়ে ইমিক কৈছিল ‘আজি মই তোমাৰ পৰা অসমীয়া শিকিম আৰু আজিৰ পৰা তুমি মোৰ গুৰু’। নিজৰ মোনাৰ পৰা এখন কিতাপ উলিয়াই ইমিক সোধে, ‘এইষাৰি বাক্য কি?’। উক্ত বাক্যষাৰি আছিল ‘বালকসকল’। ইমিয়ে শুদ্ধকৈ বাক্যষাৰি উচ্চাৰণ কৰাৰ সত্ত্বেও গান্ধীজীয়ে বাৰম্বাৰ ‘বালক চকল’ বুলি ভুলকৈ উচ্চাৰণ কৰাত ইমিয়ে উচ্চস্বৰে গান্ধীজীক শুনাইছিল।
জাতিৰ পিতাই ইমিৰ প্ৰতিক্ৰিয়া শুনি হাঁহিবলৈ ল’লে। তাহানিৰ দিনৰ এই স্মৃতিয়ে এতিয়াও বৰকৈ আমনি কৰে ইমিক। গান্ধীজীৰ জন্মৰ ১৫০ বছৰ পিছতো ইমিয়ে পাহৰিব পৰা নাই জাতিৰ পিতাৰে হোৱা মধুৰ সান্নিধ্যৰ কথা।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ
YouTube,
Facebook আৰু
Twitter ত আমাক ফল’ কৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|