বিয়াঘৰত যুৱতীক হত্যাৰ ভাবুকি দি ধৰ্ষণ কৰিলে লম্পট যুৱকে। তামোল বিচৰাৰ চলেৰে কৰিলে বলাৎকাৰ। ক’ত ঘটিছে এই জঘন্য কাণ্ড?

News18 Assam | News18-Assam
Updated:May 8, 2021, 12:35 PM IST
বিয়াঘৰত যুৱতীক হত্যাৰ ভাবুকি দি ধৰ্ষণ কৰিলে লম্পট যুৱকে। তামোল বিচৰাৰ চলেৰে কৰিলে বলাৎকাৰ। ক’ত ঘটিছে এই জঘন্য কাণ্ড?
তামুল বিচৰা চলেৰে মাতি নি মুখত সোপা দি কৰিছিল ধৰ্ষণ ৷ হাতত কটাৰী লৈ ভয় দেখুৱাই ধৰ্ষণ কৰিছিল ভাৰত ৰবিদাস নামৰ লম্পটটোৱে।

তামুল বিচৰা চলেৰে মাতি নি মুখত সোপা দি কৰিছিল ধৰ্ষণ ৷ হাতত কটাৰী লৈ ভয় দেখুৱাই ধৰ্ষণ কৰিছিল ভাৰত ৰবিদাস নামৰ লম্পটটোৱে।

  • Share this:
লখিমপুৰত পুনৰ  ধৰ্ষণ কাণ্ড ৷ এইবাৰ  নাৰায়ণপুৰৰ এগৰাকী উনৈশ বছৰীয়া যুৱতীক ধৰ্ষণ কৰিলে  একে গাঁৱৰে এজন যুৱকে ৷ অভিযুক্ত যুৱক জন নাৰায়নপুৰ ভিতৰদলনী গাঁৱৰ  ভাৰত ৰবিদাস ৷

সোমবাৰে নিশা সংঘটিত হোৱা ঘটনাটো আজি আহিছে পোহৰলৈ ৷ ধৰ্ষিতা যুৱতীগৰাকীৰ ঘৰৰ কাষৰ পেহীয়েকৰ ঘৰত বিবাহ অনুষ্ঠানত নিশা লম্পট ভাৰত ৰবিদাসে এখন তামুল বিচৰা চলেৰে কাষলৈ মাতে আৰু বলপূৰ্বক  মুখত সোপা দি একাষৰীয়া কৰি ধৰ্ষণ কৰে ৷ এই ঘটনা কৰোবাক ক’লে হত্যাৰ ভাবুকি দিছিল ভাৰতে ৷ হাতত এখন কটাৰী লৈ ভয় দেখুৱাত যুৱতীগৰাকীয়ে কাকো কোৱা নাছিল।

ঘটনাৰ নিশা যুৱতীগৰাকীক কইনাৰ লগত লৈ যোৱাৰ ফলত তাপ মাৰি বিষয়টো। শুকুৰবাৰে ঘৰলৈ অহি যুৱতীগৰাকীয়ে ঘৰত সমস্ত কথা কোৱাৰ পাছতে পিতৃ-মাতৃয়ে আৰক্ষীৰ কাষ চাপিছে ৷ ইতিমধ্যে  ধলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ভাৰত ৰবিদাসক ৷

উল্লেখ্য যে চাউলধোৱাত এগৰাকী কণমানি কন্যাৰ ৰহস্যজনক মৃত্যু (ধৰ্ষণ কৰি হত্যাৰ অভিযোগ)ৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নাযাওতেই পুনৰ ধৰ্ষণৰ ঘটনাৰ সংঘটিত হল লখিমপুৰত ৷
Published by: Manjumoni Borah
First published: May 8, 2021, 12:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি