চেন্নাইত দলবদ্ধ ধৰ্ষণৰ বলি হ’ল এগৰাকী অসমীয়া যুৱতী

News18 Assam | News18-Assam
Updated:October 3, 2020, 8:49 PM IST
চেন্নাইত দলবদ্ধ ধৰ্ষণৰ বলি হ’ল এগৰাকী অসমীয়া যুৱতী
হাথৰছৰ দলবদ্ধ ধৰ্ষণ কাণ্ডই সমগ্ৰ দেশ তোলপাৰ লগাই থকাৰ সময়তে এইবাৰ চেন্নাইত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা।

হাথৰছৰ দলবদ্ধ ধৰ্ষণ কাণ্ডই সমগ্ৰ দেশ তোলপাৰ লগাই থকাৰ সময়তে এইবাৰ চেন্নাইত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা।

  • Share this:
হাথৰছৰ দলবদ্ধ ধৰ্ষণ কাণ্ডই সমগ্ৰ দেশ তোলপাৰ লগাই থকাৰ সময়তে এইবাৰ চেন্নাইত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। চাকৰি দিয়াৰ প্ৰলোভনেৰে ছটা পাষণ্ডই দলবদ্ধ ধৰ্ষণ কৰে এগৰাকী অসমৰ যুৱতীক। চেন্নাইৰ ত্ৰিপুৰ জিলাৰ পল্লাদমত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।

আৰক্ষীয়ে জনোৱা মতে, তীৰুপুতৰ এটা মিলত কাম কৰাৰ সময়ত যুৱতীগৰাকী ৰাজেশ কুমাৰ নামৰ এজন লোকৰ সৈতে চিনাকী হৈছিল। স্বামীৰ সৈতে সম্পৰ্ক বিচ্ছেদ হোৱাৰ পিছত চাকৰি এটা যোগাৰ কৰি দিবলৈ ৰাজেশ কুমাৰক অনুৰোধ জনাইছিল যুৱতীগৰাকীয়ে। যোৱা ২৮ ছেপ্তেম্বৰৰ দিনা চাকৰি সংক্ৰান্তিয় কথা-বতৰাৰে যুৱতীগৰাকী ৰাজেশ কুমাৰৰ ঘৰত উপস্থিত হৈছিল।

কিন্তু পিছত যেতিয়া যুৱতীগৰাকী নিজৰ ভাড়াঘৰলৈ যাব বিচাৰে, তেতিয়া ৰাজেশ কুমাৰে নিজৰ ভাতৃ ৰাজুক যুৱতীগৰাকীক বাছ আস্থানত থৈ আহিবলৈ কয়। কিন্তু তেতিয়াই ৰাজুৱে পূৰ্ব পৰিকল্পিত ভাবে যুৱতীগৰাকীক বাছ আস্থানত থোৱাৰ পৰিৱৰ্তে এটা নিৰ্জন ঠাইলৈ লৈ যায় আৰু পাঁচজন বন্ধুৰে মিলি দলবদ্ধ ধৰ্ষণ কৰে।

প্ৰকাশ পোৱা বাতৰি অনুসৰি, যুৱতীগৰাকীৰ হাতত থকা ২০০০ টকা আৰু মোবাইল ফোনো কঢ়ি লয় লম্পট কেইটাই। আৰু ধৰ্ষণ কাণ্ড সংঘটিত কৰি পলায়ন কৰে আটাইকেইটা যুৱক। যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই এই মুহূৰ্তলৈকে আৰক্ষীয়ে তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে।
Published by: Himangshu Bhuyan
First published: October 3, 2020, 8:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading