বুধবাৰে কলেজখনত প্ৰথমবাৰৰ বাবে ক্লাছ কৰিবলৈ যোৱাৰ পূৰ্বে ছাত্ৰীগৰাকীয়ে পিতৃৰ পৰা আশীৰ্বাদ বিচাৰিছিল৷
বুধবাৰে কলেজখনত প্ৰথমবাৰৰ বাবে ক্লাছ কৰিবলৈ যোৱাৰ পূৰ্বে ছাত্ৰীগৰাকীয়ে পিতৃৰ পৰা আশীৰ্বাদ বিচাৰিছিল৷
বেংগালুৰু চহৰত নৃশংস হত্যাৰ বলি হ’ল বৰপেটাৰ হাউলীৰ এগৰাকী মেধাবী ছাত্ৰী৷ যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ গোৱালপাৰা জিলাৰ আনিচুৰ ৰহমানৰ লগতে আন দুই যুৱকৰ বিৰুদ্ধে উত্থাপিত হৈছে ধৰ্ষণ আৰু হত্যাৰ অভিযোগ৷ যোৱা ১৪ ডিচেম্বৰত যুৱতীগৰাকী বেংগালুৰু চহৰৰ ইষ্ট ৱেষ্ট কলেজত বি এছ চি নাৰ্ছিং অধ্যয়নৰ বাবে গুৱাহাটীৰ পৰা বিমানযোগে উপস্থিত হৈছিল৷
যুৱতীগৰাকীৰ সৈতে বুধবাৰে পুৱাও পিতৃয়ে টেলিফোনত কথা পাতিছিল৷ বুধবাৰে কলেজখনত প্ৰথমবাৰৰ বাবে ক্লাছ কৰিবলৈ যোৱাৰ পূৰ্বে ছাত্ৰীগৰাকীয়ে পিতৃৰ পৰা আশীৰ্বাদ বিচাৰিছিল৷ তাৰ পিছৰে যুৱতীগৰাকীৰ ফোন ছুইচ অফ হৈ আছিল৷
আনহাতে, দুপৰীয়াৰ ভাগত বেংগালুৰু আৰক্ষীয়ে পিতৃক ফোনযোগে জনাইছিল যুৱতীগৰাকীৰ মৃত্যুৰ খবৰ৷ পৰিয়ালৰ লোকে জনোৱা মতে, বেংকত চেক ভঙাবলৈ যোৱা অৱস্থাত বেংগালুৰু চহৰত থকা গোৱালপাৰাৰ আনিচুৰ ৰহমান আৰু আন দুই যুৱকে যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
অৱশ্যে কি পৰিস্থিতিত বা কেনেদৰে এই ঘটনাটো সংঘটিত হৈছে সেই সম্পৰ্কে কোনো নিশ্চিত তথ্য জানিব পৰা হোৱা নাই৷ ইতিমধ্যে কৰ্ণাটক আৰক্ষীয়ে অভিযুক্ত আনিচুৰ ৰহমানক আটক কৰি ঘটনাটোৰ তদন্ত চলাই আছে৷ এগৰাকী মেধাবী ছাত্ৰীয়ে বহিঃৰাজ্যলৈ অধ্যয়নৰ বাবে গৈ এনেদৰে নৃশংস হত্যাৰ বলি হ’বলগীয়া হোৱা ঘটনাক লৈ বৰপেটাৰ লগতে সমগ্ৰ ৰাজ্যখনতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|