• Home
  • »
  • News
  • »
  • assam
  • »
  • নিজ গৃহলৈ অনা হ’ল বেংগালুৰুত ধৰ্ণ–হত্যাৰ বলি হোৱা বৰপেটাৰ যুৱতীৰ নশ্বৰদেহ

নিজ গৃহলৈ অনা হ’ল বেংগালুৰুত ধৰ্ণ–হত্যাৰ বলি হোৱা বৰপেটাৰ যুৱতীৰ নশ্বৰদেহ

আজি পুৱাৰ ভাগত ছাত্ৰীগৰাকীৰ নশ্বৰদেহ বিমানযোগে বেংগালুৰুৰ পৰা গুৱাহাটীলৈ অনা হয় আৰু গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা এম্বুলেন্সযোগে ঘৰলৈ নিয়া হয়।

  • Share this:
শিক্ষা গ্ৰহণৰ বাবে চাৰিদিন পূৰ্বে বেংগালুৰু চহৰলৈ গৈ ধৰ্ষণ–হত্যাৰ বলি হোৱা বৰপেটাৰ হাউলীৰ মেধাৱী ছাত্ৰীগৰাকীৰ নশ্বৰ দেহ আজি অনা হয় নিজ বাসগৃহলৈ। বেংগালুৰুত দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰা হৈছিল ছাত্ৰীগৰাকীক। আজি মৃতদেহ নিজ গৃহ আহি পোৱাৰ পিছতে গাঁওখনত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

আজি পুৱাৰ ভাগত ছাত্ৰীগৰাকীৰ নশ্বৰদেহ বিমানযোগে বেংগালুৰুৰ পৰা গুৱাহাটীলৈ অনা হয় আৰু গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰৰ পৰা এম্বুলেন্সযোগে ঘৰলৈ নিয়া হয়। ছাত্ৰীগৰাকীৰ নশ্বৰ বাসগৃহ পোৱাৰ পিছতে অঞ্চলটোৰ লোকে ভিৰ কৰে। সকলোৰে দাবী দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হওক ৷

ইপিনে অসম চৰকাৰে ছাত্ৰীগৰাকীৰ মৃতদেহ ঘৰলৈ অনাৰ ক্ষেত্ৰত কোনো তৎপৰতা গ্ৰহণ নকৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে৷ উল্লেখযোগ্য যে ১৪ ডিচেম্বৰত বহু সপোন লৈ বেংগালুৰুৰ ইষ্ট ৱেষ্ট কলেজত বিএছচি নাৰ্ছিঙৰ ক'ৰ্ছ অধ্যয়নৰ বাবে ৰাওনা হৈছিল ছাত্ৰীগৰাকী। কিন্তু বেংগালুৰুত অধ্যয়নৰ বাবে যোৱাটোৱেই যেন কাল হ’ল।

১৬ ডিচেম্বৰত প্ৰথমবাৰৰ বাবে হোষ্টেলৰ পৰা ক্লাছলৈ ওলাই যোৱাৰ পিছতেই বেংগালুৰুতে অধ্যয়ন কৰি থকা গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ আনিছুৰ ৰহমান নামৰ যুৱকজনে আন দুই সতীৰ্থৰ সৈতে যুৱতীগৰীকীক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উঠিছে৷ ইপিনে হত্যাকাণ্ডৰ মূল অভিযুক্ত গোৱালপাৰাৰ আনিছুৰ ৰহমানৰ লগতে আন দুগৰাকী অভিযুক্তকো ইতিমধ্যে আটক কৰিছে বেংগালুৰু আৰক্ষীয়ে৷
Published by:Sanjay Kumar Das
First published: