• Home
  • »
  • News
  • »
  • assam
  • »
  • এটা সৰু শিলত অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন ৰংঘৰ, কাৰেং ঘৰ, তলাতল ঘৰ, শিৱদৌল অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম লিপিবদ্ধ কৰিলে অসমৰ এলিভাই...

এটা সৰু শিলত অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন ৰংঘৰ, কাৰেং ঘৰ, তলাতল ঘৰ, শিৱদৌল অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম লিপিবদ্ধ কৰিলে অসমৰ এলিভাই...

এটা সৰু শিলত অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিলে হাঁহচৰাৰ এগৰাকী যুৱতীয়ে।

এটা সৰু শিলত অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিলে হাঁহচৰাৰ এগৰাকী যুৱতীয়ে।

এটা সৰু শিলত অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিলে হাঁহচৰাৰ এগৰাকী যুৱতীয়ে।

  • Share this:
শিৱসাগৰ জিলাৰ হাঁহচৰা লংকাক গোঁহাই গাঁৱৰ এগৰাকী প্ৰতিভাৱান যুৱতী৷ যুৱতী গৰাকীৰ নাম এলিভা বুঢ়াগোঁহাই ৷ যুৱতীগৰাকীয়ে আহোমৰ দিনৰ অসমৰ প্ৰাচীন কীৰ্তিচিহ্ন এটা সৰু শিলত অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে।

হাঁহচৰা লংকাক গোঁহাই গাঁৱৰ শিক্ষক শৰৎ বুঢ়াগোঁহাই আৰু  সুনীমা বুঢ়াগোঁহাইৰ কন্যা এলিভা বুঢ়াগোঁহাইয়ে এটা সৰু শিলত আহোম যুগৰ অসমৰ চাৰিটা প্ৰাচীন কীৰ্তিচিহ্ন শিৱদৌল, ৰংঘৰ, কাৰেংঘৰ আৰু তলাতল ঘৰ অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছলৈ আবেদন কৰিছিল আৰু যুৱতী গৰাকীৰ এই কৰ্মক স্বীকৃতি প্ৰদান কৰিছে  ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছে৷
সৰুৰে পৰা চিত্ৰ অংকণৰ প্ৰতি আগ্ৰহী  এলিভাই কোনো প্ৰশিক্ষণ নোলোৱাকৈয়ে আংশিক লকডাউনৰ সময়খিনিক সুযোগ হিচাপে লৈ আহোম যুগৰ চাৰিটাকৈ প্ৰাচীন কীৰ্তিচিহ্ন এটা সৰু শিলত অংকণ কৰি ইণ্ডিয়া বুক অফ ৰেৰ্কডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়৷

প্ৰতিভাৱান যুৱতী গৰাকীয়ে আজৰি সময় বিভিন্ন সৃষ্টিমূলক কৰ্মত ব্যস্ত থকাৰ লগতে ড° ভূপেন হাজৰিকা, জনপ্ৰিয় নেতা ,গায়কৰ চিত্ৰও অংকণ কৰিছে । আনহাতে এলিভা বুঢ়াগোঁহাই এগৰাকী ভাল ফেশ্বন ডিজাইনাৰো। ভৱিষ্যতে এগৰাকী সফল ফেশ্বন ডিজাইনাৰ হোৱাৰ আশা মনত পুহি ৰাখিছে এই গৰাকী ইণ্ডিয়া বুক অফ ৰেৰ্কডছত স্থান পোৱা  যুৱতী এলিভা বুঢ়াগোঁহাইয়ে।
Published by:Kokil Sarma
First published: