বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / Super Dancer 4: ছ'নী টিভিৰ কিডছ ডান্স ৰিয়েলিটী শ্ব'ত বিজয়ী অসম কন্যা ফ্ল'ৰিনা গগৈক বৰঝাৰ বিমান বন্দৰত সম্বৰ্ধনা

Super Dancer 4: ছ'নী টিভিৰ কিডছ ডান্স ৰিয়েলিটী শ্ব'ত বিজয়ী অসম কন্যা ফ্ল'ৰিনা গগৈক বৰঝাৰ বিমান বন্দৰত সম্বৰ্ধনা

Super Dancer 4: ছ'নী টিভিৰ কিডছ ডান্স ৰিয়েলিটী শ্ব'ত বিজয়ী অসম কন্যা ফ্ল'ৰিনা গগৈক বৰঝাৰ বিমান বন্দৰত সম্বৰ্ধনা

ছ’নী টিভিৰ Super Dancer Chapter 4ত  বিজয়ী হয় কণমানি ফ্ল’ৰিনা গগৈ।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

ছ’নী টিভিৰ কিডছ ডান্স ৰিয়েলিটী শ্ব’ Super Dancer Chapter 4ত  বিজয়ী হৈ মুম্বাইৰ পৰা পিতৃ–মাতৃসহ অসম কন্যা ফ্ল’ৰিনা গগৈ বিমানযোগে গুৱাহাটীস্থিত বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে আত্মীয় তথা অনুৰাগীয়ে আদৰণি জনায়।

বিমানবন্দৰত অনুৰাগীয়ে ফ্ল’ৰিনা গগৈৰ সৈতে ছেল্ফি উঠাৰ বাবে হেতাউপৰা লগায়। Super Dancer Chapter 4ত জিলিকি উঠা অসম কন্যা ফ্ল’ৰিনা   যোৰহাটৰ বাসিন্দা। Sony Tvৰ কিডছ ডান্স ৰিয়েলিটি শ্ব’ Super Dancer Chapter 4ত  ৯ অক্টোবৰত চূড়ান্ত প্ৰতিযোগিতাত তেওঁ বিজয়ী হয়। নগদ ১৫ লাখ টকাৰ পুৰস্কাৰ আৰু ট্ৰফী লাভ কৰিছে ফ্ল’ৰিনাই।

বিজ্ঞাপন

ফ্ল’ৰিনাৰ গুৰু তুষাৰ চেট্টীকো নগদ পুৰস্কাৰ হিচাপে ৫ লাখ টকাৰে পুৰস্কৃত কৰা হয় ছ’নী টিভিৰ তৰফৰ পৰা। অনুষ্ঠানটিৰ বিচাৰকৰ দায়িত্বত আছিল অভিনেত্ৰী শিল্পা চেট্টী, গীতা কাপুৰ আৰু অনুৰাগ বসু।

ফ্ল’ৰিনাৰ উপৰি আনসকল আছিল দ্বিতীয় স্থানত প্ৰুথভিৰাজ কংগাৰী,  তৃতীয় স্থানত সঞ্চিত চানানা,  চতুৰ্থ স্থানত নীৰজা তিৱাৰী আৰু পঞ্চম স্থানত এষা মিশ্ৰা। তেওঁলোককো একলাখকৈ পুৰস্কাৰ প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় মঞ্চত এনেদৰে অসম কন্যাৰ সফলতাত উৎফুলিত অসমবাসী। বৰঝাৰ বিমানবন্দৰৰ পৰা কণমানি ফ্ল’ৰিনা গগৈ ৰাওনা হয় নিজ বাসগৃহ যোৰহাটলৈ।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন