• Home
  • »
  • News
  • »
  • assam
  • »
  • নীলা তৰাৰ সন্ধানত বৰ্ণালী..., মহাকাশৰ ৰহস্যৰ সন্ধান কৰিবলৈ জানুৱাৰীত আমেৰিকালৈ যাব অসম কন্যা

নীলা তৰাৰ সন্ধানত বৰ্ণালী..., মহাকাশৰ ৰহস্যৰ সন্ধান কৰিবলৈ জানুৱাৰীত আমেৰিকালৈ যাব অসম কন্যা

National Center for Radio Astrophysicsত গৱেষণা কৰা বৰ্ণালী দাসে জানুৱাৰী মাহত আমেৰিকালৈ উৰা মাৰিব মহাকাশৰ ৰহস্যৰ সন্ধান কৰিবলৈ।

National Center for Radio Astrophysicsত গৱেষণা কৰা বৰ্ণালী দাসে জানুৱাৰী মাহত আমেৰিকালৈ উৰা মাৰিব মহাকাশৰ ৰহস্যৰ সন্ধান কৰিবলৈ।

National Center for Radio Astrophysicsত গৱেষণা কৰা বৰ্ণালী দাসে জানুৱাৰী মাহত আমেৰিকালৈ উৰা মাৰিব মহাকাশৰ ৰহস্যৰ সন্ধান কৰিবলৈ।

  • Share this:
বজালী জিলাৰ পাটাছাৰকুছিৰ অতি মেধাৱী ছাত্ৰী বৰ্ণালী দাসে গৌৰৱ কঢ়িয়াইছে অসমবাসীলৈ। পুনেস্থিত Tata Institute of Fundamental Researchত গৱেষণা কৰি বৰ্ণালীয়ে সূৰ্যতকৈ ডাঙৰ, অতি উষ্ণ আৰু বৃহৎ চুম্বকীয় ক্ষেত্ৰৰ অধিকাৰী ৮টাকৈ তৰাৰ সন্ধান উলিয়াবলৈ সক্ষম হৈছে। বৰ্ণালী দাসৰ এই কৃতিত্বৰ বাবে সমগ্ৰ বজালী জিলাৰ লগতে অতি আনন্দিত হৈ পৰিছে তেওঁৰ পৰিয়াল আৰু শিক্ষাগুৰুসকল।

National Center for Radio Astrophysicsত গৱেষণা কৰা বৰ্ণালী দাসে জানুৱাৰী মাহত আমেৰিকালৈ উৰা মাৰিব মহাকাশৰ ৰহস্যৰ সন্ধান কৰিবলৈ। পুনেৰ পৰা এক ভিডিঅ' বাৰ্তাযোগে বৰ্ণালী দাসে ব্যক্ত কৰিছে নিজৰ গৱেষণাৰ কথা।
ভিডিঅ’ বাৰ্তাটোত বৰ্ণালীয়ে কয়,
‘‘আমাৰ আকাশত বহু তৰা থাকে, তাৰ কিছুমান সূৰ্যতকৈ গৰম হয়, কিছুমান সূৰ্যতকৈ ঠাণ্ডা হয় আৰু কিছুমান সূৰ্যৰ দৰেই। মোৰ গৱেষণাটো আছিল – সূৰ্যতকৈ যিবোৰ তৰা খুবেই বেছি গৰম, যিবিলাক দেখাত নীলা হয়, এই নীলা তৰাবোৰক লৈ মোৰ গৱেষণা আছিল। এই তৰাবোৰৰ উষ্ণতা অতি কমেও ১০ হাজাৰ কেলভিন। এই নীলা তৰাবোৰৰ কিছুমানৰ অতি শক্তিশালী চুম্বকীয় শক্তি থাকে। আৰু এই চুম্বকীয় গৰম তৰাবোৰৰ কিছুমানে কিছুমান বিশেষ পৰিৱেশত এবিধ ৰেডিঅ’ তৰংগ বিকিৰণ কৰিব পাৰে। এই ৰেডিঅ’ তৰংগ বিকিৰণ কৰিব পৰা প্ৰথম গৰম তৰাটো আৱিষ্কাৰ হৈছিল ২০০০ চনত। তাৰ পিছত প্ৰায় ১৫ বছৰ ধৰি বিজ্ঞানীসকলে তেনে তৰাৰ সন্ধান পোৱা নাছিল। সেয়ে সাধাৰণতে মানুহৰ মনত এটা ধাৰণা জন্মিছিল যে এনেকুৱা তৰাবোৰ খুবেই বিৰল। কিন্তু কিয় বিৰল তাৰ কোনো উত্তৰ নাছিল। মোৰ গৱেষণাৰ প্ৰধান লক্ষ্য আছিল যে এইটো বিচাৰি উলিওৱা যে কি পৰিৱেশত এনে তৰাবোৰে এনে তৰংগ বিকিৰণ কৰিব পাৰে। আৰু তাৰ বাবে মই, মোৰ ছুপাৰভাইজাৰ আৰু সহযোগীসকলে এটি জৰীপ আৰম্ভ কৰিলো আৰু এই জৰীপটো আছিল ৫০০ৰ পৰা ৯০০ মেগাহাৰ্টজৰ ভিতৰত।’’

সহযোগী আৰু পৰ্যবেক্ষক প্ৰফেছৰ পুনম চন্দ্ৰাৰ সৈতে মহাকাশত দুৰ্লভ তৰাৰ সন্ধান কৰিছিল বৰ্ণালীয়ে। এই নতুন কৃতিত্ব বৰ্ণনা কৰা এক গৱেষণা পত্ৰ শেহতীয়াকৈ দ্য এষ্ট্ৰ’ফিজিকেল জাৰ্নেলত প্ৰকাশৰ বাবে গ্ৰহণ কৰা হৈছে।

সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিলে অসম কন্যা বৰ্ণালীয়ে, মহাকাশত আৱিষ্কাৰ কৰিলে সূৰ্যতকৈও ডাঙৰ আৰু উষ্ণ নক্ষত্ৰ


বৰ্ণালী দাসে শেহতীয়াকৈ টাটা ইনষ্টিটিউট অব ফাণ্ডামেণ্টেল ৰিছাৰ্চৰ নেচনেল চেণ্টাৰ ফৰ ৰেডিঅ’ এষ্ট্ৰ’ফিজিক্সত প্ৰফেছৰ পুনম চন্দ্ৰাৰ তত্বাৱধানত কাম কৰি পিএইচডি সম্পূৰ্ণ কৰিছে।

বিশাল মহাকাশৰ আৰু অধিক ৰহস্য উদঘাটন কৰাৰ লক্ষ্যৰে জানুৱাৰীত আমেৰিকালৈ উৰা মাৰিব বৰ্ণালী। নাছাৰ জৰিয়তে মহাকাশৰ মহা ৰহস্য ভেদ কৰাৰ চেষ্টা চলাব বৰ্ণালীয়ে।

মুনিন দাস আৰু মাতৃ চিৰণ কলিতা দাসৰ কন্যা বৰ্ণালীৰ সফলতাৰ বাবে আনন্দ প্ৰকাশ কৰাৰ লগতে মনৰ অনুভৱ ব্যক্ত কৰে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজৰ অধ্যাপক ধীৰাজ শৰ্মাই। সৰুৰ পৰাই মেধাৱী বৰ্ণালী দাসে শংকৰদেৱ শিশু নিকেতন পাটাছাৰকুছিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰাৰ লগতে কৃষ্ণকান্ত সন্দিকৈ জুনিয়ৰ কলেজ পাঠশালাৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত বিজ্ঞান শাখাত ৫ম স্থান লাভ কৰিৱলৈ সক্ষম হয়।

বৰ্ণালী দাসৰ পিতৃয়ে বৰ্ণালীৰ এই সাফল্যত যথেষ্ট আনন্দিত বুলি উল্লেখ কৰি কয়, বৰ্ণালী অকল আমাৰ গৌৰৱ নহয়, সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ গৌৰৱ। অসমীয়া ল’ৰা–ছোৱালীয়ে কেৱল ভাল ৰিজাল্ট কৰি চিকিৎসক–অভিযন্তা হোৱাটোহে বিচাৰে। কিন্তু স্নাতক ডিগ্ৰী, স্নাতোকোত্তৰ ডিগ্ৰী লৈও যে দেশ তথা সমাজৰ প্ৰতি ভাল কাম কৰিব পাৰে তাৰে নিদৰ্শন দাঙি ধৰা বুলি মন্তব্য কৰে বৰ্ণালীৰ পিতৃয়ে।

বৰ্ণালীৰ মাতৃয়ে শৈশৱৰে পৰা বৰ্ণালী অত্যন্ত মেধাসম্পন্ন আছিল বুলি উল্লেখ কৰি বৰ্ণালীয়ে সংগীত আৰু চিত্ৰাংকনতো বিষেশ দক্ষতা শৈশৱৰে পৰা দেখুৱাই অহাৰ কথা উনুকিয়াই বৰ্ণালীৰ এই সাফল্যত তেওঁ বহুত সুখী আৰু আনন্দিত বুলি কয়।

Assam News Today | News in Assamese | Latest News in Assamese
Published by:Sanjay Kumar Das
First published: