• Home
  • »
  • News
  • »
  • assam
  • »
  • সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিলে অসম কন্যা বৰ্ণালীয়ে, মহাকাশত আৱিষ্কাৰ কৰিলে সূৰ্যতকৈও ডাঙৰ আৰু উষ্ণ নক্ষত্ৰ

সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিলে অসম কন্যা বৰ্ণালীয়ে, মহাকাশত আৱিষ্কাৰ কৰিলে সূৰ্যতকৈও ডাঙৰ আৰু উষ্ণ নক্ষত্ৰ

বৰ্ণালীৰ এই কৃতিত্বত আনন্দিত পিতৃ–মাতৃ। বৰ্ণালীৰ এই গৱেষণাই এতিয়া সমগ্ৰ দেশবাসীকে গৌৰৱান্বিত কৰিছে।

বৰ্ণালীৰ এই কৃতিত্বত আনন্দিত পিতৃ–মাতৃ। বৰ্ণালীৰ এই গৱেষণাই এতিয়া সমগ্ৰ দেশবাসীকে গৌৰৱান্বিত কৰিছে।

বৰ্ণালীৰ এই কৃতিত্বত আনন্দিত পিতৃ–মাতৃ। বৰ্ণালীৰ এই গৱেষণাই এতিয়া সমগ্ৰ দেশবাসীকে গৌৰৱান্বিত কৰিছে।

  • Share this:
কেৱল অসমবাসীকে নহয়, সমগ্ৰ দেশবাসীক গৌৰৱান্বিত কৰিলে এগৰাকী অসম কন্যাই। নাম বৰ্ণালী দাস। বৰ্ণালীৰ ঘৰ বজালীৰ পাটাছাৰকুছিত। বৰ্ণালী দাসে বিশাল মহাকাশৰ আন এক ৰহস্য উদঘাটন কৰিলে। ৰহস্যঘন মহাকাশত সূৰ্যতকৈও বিশাল তথা অধিক তাপ থকা ৮টাকৈ নক্ষত্ৰ আৱিষ্কাৰ কৰিলে বৰ্ণালী দাসে।

পুনেৰ টাটা ইনষ্টিটিউট অব ফাণ্ডামেণ্টেল ৰিছাৰ্চত গৱেষণা কৰে বৰ্ণালীয়ে। সহযোগী আৰু পৰ্যবেক্ষক প্ৰফেছৰ পুনম চন্দ্ৰাৰ সৈতে মহাকাশত দুৰ্লভ তৰাৰ সন্ধান কৰিছিল বৰ্ণালীয়ে। এই নতুন কৃতিত্ব বৰ্ণনা কৰা এক গৱেষণা পত্ৰ শেহতীয়াকৈ দ্য এষ্ট্ৰ’ফিজিকেল জাৰ্নেলত প্ৰকাশৰ বাবে গ্ৰহণ কৰা হৈছে।

বৰ্ণালী দাসে শেহতীয়াকৈ পুনেৰ টাটা ইনষ্টিটিউট অব ফাণ্ডামেণ্টেল ৰিছাৰ্চৰ নেচনেল চেণ্টাৰ ফৰ ৰেডিঅ’ এষ্ট্ৰ’ফিজিক্সত প্ৰফেছৰ পুনম চন্দ্ৰাৰ তত্বাৱধানত কাম কৰি পিএইচডি থেছিছ সম্পূৰ্ণ কৰিছে।

সাৱধান! ভেকচিনৰ দুয়োডা ড’জ লোৱাৰ পিছতো কমা নাই শংকা, আক্ৰান্ত হ’ব পাৰে ডেল্টা ভেৰিয়েণ্টত

সূৰ্যতকৈও ডাঙৰ আৰু উষ্ণ আঠটাকৈ তৰাৰ সন্ধান দিলে বৰ্ণালীৰ গৱেষণাই। বৰ্ণালীৰ এই কৃতিত্বত আনন্দিত পিতৃ–মাতৃ। বৰ্ণালীৰ এই গৱেষণাই এতিয়া সমগ্ৰ দেশবাসীকে গৌৰৱান্বিত কৰিছে।

বিশাল মহাকাশৰ আৰু অধিক ৰহস্য উদঘাটন কৰাৰ লক্ষ্যৰে জানুৱাৰীত আমেৰিকালৈ উৰা মাৰিব বৰ্ণালী। নাছাৰ জৰিয়তে মহাকাশৰ মহা ৰহস্য ভেদ কৰাৰ চেষ্টা চলাব বৰ্ণালীয়ে।

Assam News Today | News in Assamese | Latest News in Assamese
Published by:Sanjay Kumar Das
First published: