• Home
  • »
  • News
  • »
  • assam
  • »
  • GMC Election: গুৱাহাটী পৌৰ নিগম নিৰ্বাচনক লৈ সংকল্প পত্ৰ উন্মোচন অসম গণ পৰিষদৰ

GMC Election: গুৱাহাটী পৌৰ নিগম নিৰ্বাচনক লৈ সংকল্প পত্ৰ উন্মোচন অসম গণ পৰিষদৰ

জি এম চি নিৰ্বাচনৰ পিছতে হ'ব সদস্যভৰ্তি অভিযান

জি এম চি নিৰ্বাচনৰ পিছতে হ'ব সদস্যভৰ্তি অভিযান

জি এম চি নিৰ্বাচনৰ পিছতে হ'ব সদস্যভৰ্তি অভিযান

  • Share this:
গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে অগপৰ ঘোষণা পত্ৰ মুকলি। অসম গণ পৰিষদৰ সংকল্প পত্ৰত আছে ভূমিৰ অধিকাৰ প্ৰদান কৰা, সেউজ-সুন্দৰ ৰূপে গুৱাহাটীক গঢ়ি তোলা, আৱর্জনামুক্ত আৰু স্বচ্ছ মহানগৰী হিচাপে প্ৰতিষ্ঠা কৰা, যান-জঁটৰ সমস্যা আঁতৰ কৰি ট্ৰেফিক ব্যৱস্থা সুষম কৰা, মুকলি ঠাইত উদ্যান আৰু বিশুদ্ধ খোৱাপানী ব্যৱস্থা নিয়মীয়াকৰণ কৰা, কৃত্ৰিম বানৰ পৰা মহানগৰীক মুক্ত কৰাৰ লগতে অপৰাধ আৰু ড্ৰাগছৰ কবলৰ পৰা গুৱাহাটীখনক মুক্ত কৰা (GMC Election)।

ইয়াৰ উপৰি আছে কেইবাটাও নতুন প্ৰতিশ্ৰুতি। লগতে মন্ত্ৰী অতুল বৰাই (Minister Atul Bora) ৰঙালী বিহুৰ শুভেচ্ছা জনাই কয় যে এতিয়া ক'ভিডৰ পৰিৱেশ নাই, সুন্দৰ পৰিৱেশ অসমত। পৌৰ নিগমৰ নিৰ্বাচনৰ লগতে বিহুৰ উৎসৱমুখৰ পৰিৱেশ চাৰিওফালে।

তেওঁ অসমৰ নতুন প্ৰজন্মৰ মাজত বিহুৰ চৰ্চা আৰু অধ্যায়ন হোৱাৰ প্ৰসংগ উত্থাপন কৰি বিশ্ব দৰবাৰত বিহু প্ৰতিষ্ঠা লাভ কৰাৰ বাবে সকলো চেষ্টা কৰা হ'ব বুলি কয়। আনহাতে বৰাই
কৃষকৰ সমস্যা সমাধানৰ লগতে উৎপাদন বৃদ্ধিৰ বাবে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি