নিৰ্বাচনৰ বতৰত এইবাৰ আৰম্ভ হৈছে গামোচা ৰাজনীতি। আজমলৰ গামোচা কাণ্ডত নতুন মোৰ দি সাংসদ অজিত কুমাৰ ভূঞাই ক’লে, ‘গমোচা অসমৰ স্বাভিমান নহয়’। গামোচা মানে গা মোচা বস্ত্ৰহে’। ‘গামোচাক আমি সন্মান কৰোঁ, কিন্তু গামোচাখন আমাৰ স্বাভিমান নহয়’–এই মন্তব্য কৰি গামোচা বিতৰ্কৰ জুইত ঘিউ ঢালিলে সাংসদ অজিত কুমাৰ ভূঞাই।
বদৰুদ্দিন আজমলক সুৰক্ষা দিবলৈ গৈ সাংসদ ভূঞাই কয়, ‘আজমলে কোনোদিন গামোচাক অপমান কৰা নাই’, তেওঁ সদায় চিঙিত গামোচাখন লৈ ফুৰে। এদিন খঙত গামোচাখন দলিয়াই দিলেই অপমান কৰা নুবুজায়’।
উল্লেখ্য যে দুদিন পূৰ্বে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত অগ্নিশৰ্মা হৈ গামোচাখন দলিয়াই দিছিল আজমলে। ‘যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভৰিৰ বিষত ভৰিত গামোচা বান্ধিলে গামোচাৰ অপমান নহয় তেন্তে আজমলে খঙত দলিয়াই দিলে গামোচাৰ অপমান কেনেকৈ হ’ব’ বুলিও প্ৰশ্ন কৰে অজিত কুমাৰ ভূঞাই।
আজমলতকৈ বিপদজনক অজিত কুমাৰ ভূঞা বুলি তীব্ৰ সমালোচনা বিজেপি সাংসদ দিলীপ শইকীয়াৰ।
এয়াও পঢ়ক : কাইলৈৰ পৰা ১২ ঘণ্টীয়া সান্ধ্য আইন, এই অঞ্চলত হ'ব ল'ক ডাউন!Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|