অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ(Tarun Gogoi)ৰ মন্ত্ৰীসভাত প্ৰায় ১৫ বছৰ কাল প্ৰভাৱশালী মন্ত্ৰীৰূপে শাসনভাৰ চলোৱা ৰকিবুল হুছেইনক ৰাজনীতিত প্ৰতিশোধ পৰায়ণ বুলি বহু ৰাজনৈতিক প্ৰতিদ্বন্দীয়ে ক’ব বিচাৰে। আনকি বৰ্তমানেও কংগ্ৰেছৰ (Congress) এগৰাকী প্ৰভাৱশালী নেতাৰূপে পৰিচিত ৰকিবুল হুছেইন(Rakibul Hussain)ক বিগত সময়ছোৱাত কংগ্ৰেছৰ একাংশ নেতায়ো প্ৰতিশোধপৰায়ণ বুলি অভিহিত কৰিছিল। ৰাজ্যৰ ৰাজনীতিত এনে চৰ্চা চলি থকাৰ মাজতে নগাঁৱৰ ৰাজপথত হাতত উদ্যত ছুৰী লৈ ৰকিবুল হুছেইনক দেখা গৈছে। অৱশ্যে, এয়া বাস্তৱ জীৱনত নহয়। ৰাজনীতিৰ ব্যস্ততাৰ মাজতে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে অভিনয়ৰ জগততো খোজ পেলাবলৈ সাজু হৈছে।
নগাঁৱৰ অগ্ৰণী নাট্যগোষ্ঠী বনহংসৰ উদ্যোগত আৰু আমি ৭৯ৰ প্ৰযোজনাত অহা ১১ আৰু ১২ ফেব্ৰুৱাৰীত নগাঁও জিলা পুথিভঁড়ালত মঞ্চস্থ হ’বলগীয়া ‘‘আপোন মানুহ’’ নামৰ নাটখনিৰ এটি চৰিত্ৰত অভিনয় কৰিব ৰকিবুল হুছেইনে। প্ৰখ্যাত বাঙালী নাট্যকাৰ মোহিত চট্টোপধ্যায়ৰ নাটকৰ তৰুণ শইকীয়াই অসমীয়া অনুবাদ কৰা এই নাটখনি বিশিষ্ট অভিনেতা প্ৰাণজিৎ গোস্বামীয়ে পৰিচালনা কৰিছে। বৰ্তমান এই নাটকৰ পোষ্টাৰত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনক এখন উদ্যত ছুৰী লৈ বিশেষ ভংগীমাত দেখা গৈছে। নগাঁও (Nagaon) চহৰৰ বিভিন্ন স্থানত ওলমাই ৰখা এই পোষ্টাৰখনত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে হাতত ছুৰী লৈ থকা ছবিয়ে আকৰ্ষিত কৰিছে প্ৰতিজন পথছাৰীক।
Published by: Sehnaz Begum
FIRST PUBLISHED : February 03, 2023, 14:35 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|