হেৰাই গ’ল সেই হাঁহি ভৰা মুখ খন। সকলোকে সম দৃষ্টিৰে চোৱা আধুনীক অসমৰ স্ৰষ্টা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ অৱশেষত পঞ্চভূতত বিলীন হ’ল। সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন কৰা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য। পুত্ৰ গৌৰৱ গগৈয়ে কৰে পিতৃৰ মুখাগ্নি। জনসমুদ্ৰত পৰিণত হ’ল শ্মশানস্থলী। উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে শাসক, বিৰোধীৰ ভালেসংখ্যক শীৰ্ষস্থানীয় নেতা।
সোমবাৰে গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰদেহ লৈ অনা হৈছিল কলাক্ষেত্ৰলৈ। কলাক্ষেত্ৰত হাজাৰ হাজাৰ গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰদেহ আজি পুৱা চৰকাৰী বাসভৱনলৈ লৈ যোৱা হৈছিল। চৰকাৰী বাসভৱনতে মাংগলিক কাম-কাজ সম্পন্ন কৰা হৈছিল।
ইয়াৰ পিছতে দিছপুৰৰ চৰকাৰী আৱাসগৃহৰ পৰা ৰুক্মিণী গাঁৱৰ গীৰ্জালৈ নিয়া হৈছিল তৰুণ গগৈৰ নশ্বৰ দেহ। তাৰ পিছত জু ৰোডৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘ, গুৱাহাটী ক্লাৱৰ বুঢ়া জামে মহজিদ, শুক্লেশ্বৰ মন্দিৰ আৰু উগ্ৰতাৰা মন্দিৰলৈ শোভাযাত্ৰা কৰি লৈ যোৱা হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰীৰ নশ্বৰ দেহ। তৰুণ গগৈৰ অন্তিম যাত্ৰাৰ সময়ত পথৰ দুয়ো কাষে বহু সময়ৰ পৰা অপেক্ষা কৰি থকা অজস্ৰ গুণমুগ্ধই জনাইছিল শেষ শ্ৰদ্ধাঞ্জলি।
প্ৰিয় নেতাগৰাকীক শেষবাৰৰ বাবে চাবলৈ নৱগ্ৰহ শ্মশানস্থলীত ভিৰ কৰিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যোৱা অসংখ্য লোকে। সেমেকি উঠিল সকলোৰে চকু। যদিও প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কায়িক ভাবে আমাৰ মাজৰ পৰা আঁতৰি গ’ল, তথাপিও তেখেতৰ বিশাল ব্যক্তিত্ব আৰু কৰ্মৰাজী সকলোৰে মনত সদায় সজীৱ হৈ থাকিব। অমৰ হওক তৰুণ গগৈ!
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|