உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Orang National Park: পৰ্যালোচনা বৈঠক বনমন্ত্ৰীৰ, পৰ্যটনৰ কেন্দ্ৰবিন্দু কৰাৰ লগতে বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

    Orang National Park: পৰ্যালোচনা বৈঠক বনমন্ত্ৰীৰ, পৰ্যটনৰ কেন্দ্ৰবিন্দু কৰাৰ লগতে বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

    চোৰাং চিকাৰীৰ বিৰুদ্ধে শূন্য-সহনশীল নীতি অৱলম্বন কৰিবলৈ বন বিভাগৰ মুৰব্বীসকলক আহ্বান বনমন্ত্ৰীৰ

    চোৰাং চিকাৰীৰ বিৰুদ্ধে শূন্য-সহনশীল নীতি অৱলম্বন কৰিবলৈ বন বিভাগৰ মুৰব্বীসকলক আহ্বান বনমন্ত্ৰীৰ

    চোৰাং চিকাৰীৰ বিৰুদ্ধে শূন্য-সহনশীল নীতি অৱলম্বন কৰিবলৈ বন বিভাগৰ মুৰব্বীসকলক আহ্বান বনমন্ত্ৰীৰ

    • Share this:

    অসম চৰকাৰৰ বন-পৰিৱেশ তথা মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই সোমবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যান (Orang National Park)ত উপস্থিত হৈ উদ্যান কৰ্তৃপক্ষৰ লগতে বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ উপৰি মীন তথা আবকাৰীৰ দৰং জিলাৰ দায়িত্বত থকা বিষয়াসকলৰ‌ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয় । ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ কাৰ্যালয়ৰ সভাকক্ষত  অনুষ্ঠিত হোৱা বৈঠকখনত মন্ত্ৰীগৰাকীয়ে প্ৰথমে বন বিভাগ তথা ৰাষ্ট্ৰীয় উদ্যানখনৰ  উচ্চপদস্থ বিষয়াসকলৰ সৈতে হোৱা আলোচনাত ওৰাঙক যাতে পৰ্যটনৰ এক কেন্দ্ৰবিন্দু হিচাপে গঢ় দিব পৰা যায়, তাৰ বাবে তেওঁৰ কাৰ্যালয়ে সকলো সহযোগিতা আগবঢ়াব বুলি জানিবলৈ দিয়ে।


    ৰাষ্ট্ৰীয় উদ্যানখনক দেশী–আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ বাবে এক মুখ্য আকৰ্ষণ হিচাপে গঢ়ি তোলাৰ পথত উদ্যান কৰ্তৃপক্ষই সন্মুখীন হ'ব পৰা সমস্যাসমূহৰ বিষয়ে তেওঁ বুজ লয়। লগতে উদ্যানখনলৈ অহা পৰ্যটকসকলে যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া ‌নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তৃপক্ষক মন্ত্ৰীগৰাকীয়ে অব্যৱহূত অৱস্থাত থকা পৰ্যটন বিভাগৰ জিৰণি গৃহটো নিজৰ অধীনলৈ আনি আধুনিক ৰূপত গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ কৰ্তৃপক্ষক পৰিৱেশ-অনুকূল আৰ্হিত নতুনকৈ কেইটামান জিৰণি কোঠা নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে ।


     মন্ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূমি যিসকল লোকে অবৈধভাৱে বেদখল কৰি ৰাখিছে, সেই লোকসকলক অনতিপলমে উচ্ছেদৰ জৰিয়তে বেদখলমুক্ত কৰাৰ নিৰ্দেশ দিয়ে ।মন্ত্ৰীগৰাকীয়ে লগতে চোৰাং চিকাৰীৰ বিৰুদ্ধে শূন্য-সহনশীল নীতি অৱলম্বন কৰিবলৈ বন বিভাগৰ মুৰব্বীসকলক আহ্বান জনায় । বনমন্ত্ৰীগৰাকীয়ে  বৈঠকত উপস্থিত বিষয়াসকলৰ পৰা ধনশিৰি নদীত অতিৰিক্ত কেইটা বালিৰ মহল আবণ্টন কৰিব পৰা যাব পাৰে, তাৰ ওপৰত এখন‌ প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে।


    বৈঠকত উপস্থিত থাকি প্ৰধান মুখ্য বন প্ৰবন্ধকদ্বয় এ এম সিং, অমিত সাহাই বন বিভাগে ৰাষ্ট্ৰীয় উদ্যানখনৰ বাবে লোৱা বিশেষ পদক্ষেপসমূহৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰায় । বন‌ বিভাগৰে হোৱা আলোচনাৰ পিছত মন্ত্ৰীগৰাকীয়ে পৃথকে মীন আৰু আবকাৰী বিভাগৰ বিষয়াসকলৰ সৈতে আলোচনাত বহি বিভিন্ন আঁচনিৰ খতিয়ান লয়। আজিৰ বৈঠকত বনমন্ত্ৰীৰ উপৰি বৰচলাৰ বিধায়ক গণেশ লিম্বু আৰু মঙলদৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস উপস্থিত থাকে।

    Published by:Gautam Barman
    First published: