অসমৰ বন বিভাগে জব্দ কৰিলে হাতী মহতিয়াই নিয়া ৰে’লৰ ইঞ্জিন। যোৱা ২৭ ছেপ্তেম্বৰ তাৰিখে সামগ্ৰী কঢ়িওৱা এখন ৰে’লৰ ইঞ্জিনে মহতিয়াই নিছিল এজনী হাতী আৰু আৰু এটা হাতী পোৱালীক। ফলত কৰুণ মৃত্যুক সাৱটি লৈছিল হাতীজনীৰ লগতে পোৱালী হাতীটোৱে। ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছিল।
ঘটনাৰ তদন্তৰ খাতিৰত সোমবাৰে হঠাত্ ডিএফঅ’ ৰাজীৱ দাসে বামুণীমৈদানৰ ৰেল’ৱে য়াৰ্ডৰ অভিযান চলাই আৰু আৰক্ষীয়ে ‘ল’কমটিভ’ জব্দ কৰে। লামডিং ৰেল’ৱে ডিভিজনৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলত যোৱা ২৭ ছেপ্তেম্বৰত সংঘটিত হৈছিল এই ঘটনা। হাতীৰ পোৱালীটোক মালবাহী ৰে’লৰ ইঞ্জিনে প্ৰায় ১ কিলোমিটাৰ পৰ্যন্ত মহতিয়াই লৈ গৈছিল। ঘটনা সন্দৰ্ভত ইতিমধ্যে দুজন ড্ৰাইভাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে ৰে’ল বিভাগে।
‘এই দুৰ্ভাগ্যজনক ঘটনাৰ পিছত বিভাগে বন্যপ্ৰাণী সুৰক্ষা অধিনিয়ম, ১৯৭২ৰ অধীনত ৰে’লৱেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। বিভাগীয় তদন্তৰ ভিত্তিত বামুণীমৈদামৰ লক’শ্বেডৰ পৰা যোৱা ২০ অক্টোবৰত ডিজেল লক’ ইঞ্জিন নং ১২৪৪০ জব্দ কৰে। ইতিমধ্যে লক’ পাইলট আৰু এছিছটেণ্ট লক’ পাইলটক ৰে’লৱেই তেওঁলোকৰ বিভাগীয় তদন্তৰ ভিত্তিত দায়িত্বৰ পৰা বৰ্খাস্ত কৰিছে।’ ৰাজ্যৰ চীফ ৱাইল্ড লাইফ ৱাৰ্ডেন মহেন্দ্ৰ কুমাৰ যাদৱে জনায়।
উল্লেখযোগ্য যে হাতী অহা–যোৱাৰ বাট হিচাপে পূৰ্বৰ পৰা চিনাক্ত আছিল ঠাইডোখৰ। সেই ঠাইৰে ৰে’ল যাওঁতে ৰে’লৰ গতিবেগ হ্ৰাস হ’ব লাগিছিল যদিও সেয়া নোহোৱাত হাতী দুটাৰ কৰুণ মৃত্যু হোৱা বুলি অভিযোগ উঠিছিল।
‘ৰেলৱে ট্ৰেকত হাতীৰ অকাল মৃত্যুৰ ঘটনা বন্ধ হ’বই লাগিব। বনবিভাগে ৰে’লৱেৰ বিৰুদ্ধে আগলৈও এনেধৰণৰ কঠোৰ পদক্ষেপ লোৱাৰ ক্ষেত্ৰত তৎপৰতা প্ৰদৰ্শন কৰিব।’ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই সংবাদমাধ্যমৰ আগত এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|