• Home
  • »
  • News
  • »
  • assam
  • »
  • Man-Elephant Conflict: নুমলীগড়ত ৰেডিও কলাৰ স্থাপন দুটাকৈ বন্যহস্তীৰ দেহত। অসমত দ্বীতীয় বাৰৰ বাবে এই ব্যৱস্থা।

Man-Elephant Conflict: নুমলীগড়ত ৰেডিও কলাৰ স্থাপন দুটাকৈ বন্যহস্তীৰ দেহত। অসমত দ্বীতীয় বাৰৰ বাবে এই ব্যৱস্থা।

Man-Elephant Conflict: ত্ৰাস চলাই থকা বন্যহস্তীৰ গতি বিধি নিৰীক্ষণ কৰিবলৈ  দুটাকৈ বন্যহস্তীক লগাইছে ৰেডিও কলাৰ ।

Man-Elephant Conflict: ত্ৰাস চলাই থকা বন্যহস্তীৰ গতি বিধি নিৰীক্ষণ কৰিবলৈ  দুটাকৈ বন্যহস্তীক লগাইছে ৰেডিও কলাৰ ।

Man-Elephant Conflict: ত্ৰাস চলাই থকা বন্যহস্তীৰ গতি বিধি নিৰীক্ষণ কৰিবলৈ  দুটাকৈ বন্যহস্তীক লগাইছে ৰেডিও কলাৰ ।

  • Share this:
নুমলীগড় তথা গোলাঘাট জিলাত হাতী-মানুহৰ সংঘাত (Man-Elephant Conflict) ভয়াবহভাৱে বৃদ্ধি পাইছে। প্ৰতিদিনে নুমলীগড়ৰ ভিন্ন প্ৰান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । বহু সময়ত এই সংঘাতৰ ফলত যদি কেতিয়াবা মানুহে মৃত্যুক আঁকোৱালি লৈছে তাৰ সমান্তৰালভাৱে বহু কেইটা বন্য হস্তীয়ে মৃত্যুক আঁকোৱালি লৈছে । বন্য হস্তীৰ ত্ৰাসৰ ফলত বহু পৰিয়াল গৃহহাৰা হোৱাৰ লগতে খেতি পথাৰ অনিষ্ট কৰিছে বন্যহস্তীয়ে । এতিয়া নিশাটো বাদেই দিনৰ ভাগতে বনাঞ্চল এৰি জনাঞ্চলত অৱস্থান কৰিছে জাক জাক বন্যহস্তীয়ে । যাৰ বাবে উপায়ন্তৰ হৈ এইবাৰ হাতী মানুহৰ সংঘাত ৰোধৰ বাবে গোলাঘাট জিলাৰ DFO আৰু বন বিভাগৰ নেতৃত্বত ব্যাপক তৎপৰতা চলাইছে ।

ত্ৰাস চলাই থকা বন্যহস্তীৰ গতি বিধি নিৰীক্ষণ কৰিবলৈ  দুটাকৈ বন্যহস্তীক লগাইছে ৰেডিও কলাৰ (Radio Collar)। শোণিতপুৰ জিলাৰ পিছতে অসমত দ্বীতীয় বাৰৰ বাবে গোলাঘাট জিলাৰ নুমলীগড়ত লগাইছে এটা মতা আৰু এজনী মাইকী হাতীক  ৰেডিও কলাৰ । নুমলীগড়ৰ ন-পথাৰ অঞ্চলত আজি পুৱাৰে পৰা তিনিটা ঘৰচীয়া হাতীৰ সহায়ত অভিযান চলাই হস্তী  বিষেজ্ঞৰ দল, চিকিৎসক কুশল শৰ্মাসহ কাজিৰঙাৰ এটা চিকিৎসকৰ দল,  NGO ৰ লোক, বন বিষয়াৰ এটা বৃহৎ দলে সফল ভাৱে দুটা বন্যহস্তীক ৰেডিও কলাৰ লগাবলৈ সক্ষম হয় ।

পৰৱৰ্তী পৰ্যায়ত আৰু কেইবাটাও বন্যহস্তীক ৰেডিও কলাৰ লগাব বুলিও জানিব পৰা গৈছে। মূলত হাতী মানুহৰ সংঘাত ৰোধৰ বাবেই এই প্ৰচেষ্টা লোৱা হৈছে ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি