• Home
  • »
  • News
  • »
  • assam
  • »
  • সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ প্ৰশিক্ষকৰ চাৰ্টিফিকেট পৰীক্ষাত উত্তীৰ্ণ হ’ল সৰ্বানন্দ সোণোৱাল

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ প্ৰশিক্ষকৰ চাৰ্টিফিকেট পৰীক্ষাত উত্তীৰ্ণ হ’ল সৰ্বানন্দ সোণোৱাল

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা প্ৰশিক্ষকৰ 'ডি'  লাইচেন্স লাভ কৰাত উৎফুল্লিত হৈ পৰে সৰ্বানন্দ সোণোৱালে।

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা প্ৰশিক্ষকৰ 'ডি'  লাইচেন্স লাভ কৰাত উৎফুল্লিত হৈ পৰে সৰ্বানন্দ সোণোৱালে।

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা প্ৰশিক্ষকৰ 'ডি'  লাইচেন্স লাভ কৰাত উৎফুল্লিত হৈ পৰে সৰ্বানন্দ সোণোৱালে।

  • Share this:
সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন চমুকৈ AIFFৰ 'ডি' লাইচেন্স প্ৰশিক্ষকৰ চাৰ্টিফিকেট লাভ কৰিলে অসমৰ সৰ্বানন্দ সোণোৱালে। কোভিডৰ লক ডাউনৰ পূৰ্বে ১৭ ফেব্ৰুৱাৰীৰ পৰা ২২ ফেব্ৰুৱাৰীলৈ গোলাঘাট জিলাৰ নুমলীগড়ত দিয়া পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হয় সৰ্বানন্দ সোণোৱাল। অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে নামৰ মিল থকা ৰাজ্যৰ প্ৰতিভাৱান ফুটবলাৰগৰাকীয়ে ১৯ আৰু ২১ বছৰ অনূৰ্ধ্বত অসম দলক প্ৰতিনিধিত্ব কৰি ৰাষ্ট্ৰীয় ফুটবলত অংশ লৈছিল।

ডিব্ৰুগড়ত জন্মগ্ৰহণ কৰা ফুটবলাৰ সৰ্বানন্দ সোণোৱালে অসমত ক্লাব ফুটবল ক্ৰমে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্পৰ্টছ ক্লাব, গ্ৰীন ভেলী স্পৰ্টছ ক্লাব আৰু অসম পুলিচ ব্লুজ দলৰ হৈ খেলিছিল। গুৱাহাটীৰ সন্মানীয় লীগ আৰু অন্যান্য প্ৰতিযোগিতাত নিজ ক্লাবৰ হৈ গ’ল স্কৰ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল সৰ্বানন্দ সোণোৱালে। সেয়ে তেওঁ খেলৰ বাবেই অসম পুলিচতো চাকৰি লাভ কৰিছে। শেহতীয়াকৈ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা প্ৰশিক্ষকৰ 'ডি'  লাইচেন্স লাভ কৰাত উৎফুল্লিত হৈ পৰে সৰ্বানন্দ সোণোৱালে।
Published by:Sanjay Kumar Das
First published: