মুখ্যপৃষ্ঠা »খবৰ »অসম »Ration Card: ভোগালী বিহুৰ প্ৰাকক্ষণত ৰেচন কাৰ্ডবিহীন ৰাইজলৈ সু-খবৰ, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ বিশেষ ঘোষণা

Ration Card: ভোগালী বিহুৰ প্ৰাকক্ষণত ৰেচন কাৰ্ডবিহীন ৰাইজলৈ সু-খবৰ, মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ বিশেষ ঘোষণা

ৰেচন কাৰ্ডবিহীন ৰাইজলৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ বিশেষ ঘোষণা

এই ঘোষণা অনুসৰি অহা ২৫ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ডবিহীন লোকসকলে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আবেদন কৰিব পাৰিব ৰেচন কাৰ্ড ৷

  • Share this:

আপোনাৰ ৰেচন কাৰ্ড নাই নেকি? চিন্তা নকৰিব, ৰেচন কাৰ্ডবিহীন ৰাইজলৈ উৰুকাৰ সন্ধ্যাই এটা বিশেষ ঘোষণা কৰিছে অসম চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷


নতুন ৰেচন কাৰ্ড কেতিয়া দিব বুলি উৎসুক হৈ থকা ৰাইজক সকাহ দিব পৰাকৈ সামাজিক মাধ্যমতে এক ঘোষণা কৰিছে মন্ত্ৰী গৰাকীয়ে৷ এই ঘোষণা অনুসৰি অহা ২৫ জানুৱাৰীৰ পৰা ৰেচন কাৰ্ডবিহীন লোকসকলে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত আবেদন কৰিব পাৰিব ৰেচন কাৰ্ড ৷


মন্ত্ৰীগৰাকীয়ে এই প্ৰসংগত নিজৰ অভিমত প্ৰকাশ কৰি কয়, "মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ তৎপৰতাত ৰেচন কাৰ্ডৰ সমস্যা সমাধানৰ দিশে ধাৱমান হৈছে। সেয়েহে, ভোগালী বিহুৰ এই মধুৰ সময়ত ৰেচন কাৰ্ডবিহীন সমগ্ৰ ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে, এতিয়াৰে পৰা আপোনালোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনৰ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব ৷ চলিত জানুৱাৰী মাহৰ ২৫ তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব ৷"



কোনে আবেদন কৰিব পাৰিব এই ৰেচন কাৰ্ড?
যি পৰিয়ালৰ বাৰ্ষিক আয় ২.৫ লাখ টকাতকৈ কম তথা যাৰ পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল নাই আৰু যাৰ আধাৰ কাৰ্ড আছে।


ৰেচন কাৰ্ডৰ বাবে ক'ত আবেদন কৰিব ?
গ্ৰাম্যাঞ্চলৰ বাসিন্দাসকলে গাঁও পঞ্চায়তৰ কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব। চহৰাঞ্চলৰ বাসিন্দাসকলে পৌৰসভা কাৰ্যালয়ত যোগাযোগ কৰিব লাগিব।



তদুপৰি, এই সন্দৰ্ভত অধিক জানিবৰ বাবে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, চক্ৰ বিষয়াৰ কাৰ্যালয়, মহকুমাধিপতিৰ কাৰ্যালয় তথা জিলা উপায়ুক্ত কাৰ্যালয়ৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰিব।

শেহতীয়া বাতৰি