অসম খাদ্য আৰু অসামৰিক যোগান নিগম (পৰিসীমিত) চমুকৈ AFCSCLৰ সোমবাৰে এখন সভা অনুষ্ঠিত হৈ যায় ৷ এই সভাতে কেন্দ্ৰীয় চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা সাংসদ ৰাজেন গোহাঁয়ে অসম খাদ্য আৰু অসামৰিক যোগান নিগম (পৰিসীমিত)ৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁক কাৰ্যভাৰ গ্ৰহণত আদৰণি জনায় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷
সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বাজেটত যি ধান ক্ৰয় কৰিবলৈ ২০০ কোটি টকা আবন্টন দিয়াৰ ব্যৱস্থা কৰিছে, সেই সন্দৰ্ভত আগন্তুক দিনত ১৮৮৫ কোটি টকাৰে ধান ক্ৰয় কৰি কৃষকক লাভান্ৱিত কৰাৰ বিষয়ে নিগমৰ বিষয়া-কৰ্মচাৰীৰ লগতে প্ৰধান সচিবৰ সৈতে বিস্তাৰিতভাৱে আলোচনা কৰি অহা অক্টোবৰ মাহৰ পৰা ডিচেম্বৰ মাহৰ ভিতৰত ৯৩ হাজাৰ মেট্ৰিক টন ধান ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা সদৰী কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ৷
ধানসমূহ ক্ৰয় কৰা হ'ব (মেট্ৰিকটন হিচাপত)
ধেমাজিত ক্ৰয় কৰিব ২০০০ মেট্ৰিকটন, বিহপুৰীয়াত ৫০০০ মেট্ৰিকটন, মৰাণত ১০০০মেট্ৰিকটন, তিতাবৰত ১০০০ মেট্ৰিকটন, গোলাঘাটত ৫০০০ মেট্ৰিকটন, বৰপথাৰত ৫০০০ মেট্ৰিকটন, ডকমকাত ৮০০০ মেট্ৰিকটন, কলিয়াবৰত ৫০০০ মেট্ৰিকটন, ৰহাত ৮০০০ মেট্ৰিকটন, বৰভেটিত ৫০০০ মেট্ৰিকটন, কাঁকীত ৮০০০ মেট্ৰিকটন, বাৰপূজীয়াত ৮০০০ মেট্ৰিকটন, মনোহাত ৮০০০ মেট্ৰিকটন, মঙলদৈত ৫০০০ মেট্ৰিকটন, মালৈবাৰহীত ৩০০০ মেট্ৰিকটন, দদৰাত ৮০০০ মেট্ৰিকটন, পাঠশালাত ৮০০০ মেট্ৰিকটন ৷
সভাত ৰঞ্জিত কুমাৰ দাসে কয়– "এই ধানসমূহ ক্ৰয় কৰাৰ ফলত অসমৰ ২১,৫০০ গৰাকী কৃষক উপকৃত হ'ব। মই আশা ৰাখিছোঁ, কৃষকক সকাহ দিবৰ বাবে লোৱা এই পদক্ষেপ সফল হওক, তাৰ বাবে ৰাজেন গোহাঁই ডাঙৰীয়াক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৷ আজিৰ সভাৰ এই লক্ষ্য তথা উদ্দেশ্য সঠিক ৰূপায়ণ হোৱাৰ ক্ষেত্ৰত নিগমৰ সকলোৰে সহযোগিতা কামনা কৰিছোঁ।"
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|