ছডিআৰএফে অভিযান চলাই কনিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান ওলোৱা নাই কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতিৰ।
ছডিআৰএফে অভিযান চলাই কনিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান ওলোৱা নাই কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতিৰ।
ভয়ানক বানে নগাঁও জিলাৰ বিস্তীৰ্ণ অঞ্চলত ব্যাপক ক্ষয়-ক্ষতি কৰাৰ মাজতে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে কামপুৰত। অভিযান চলাবলৈ যোৱা কামপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতি আৰু কনিষ্টবল ৰাজীৱ বৰদলৈক বানে উটুৱাই নিয়া ঘটনাই সমগ্ৰ নগাঁৱতে শোকৰ ছাঁ পেলাইছে।
ইতিমধ্যে এছডিআৰএফে অভিযান চলাই কনিষ্টবল ৰাজীৱ বৰদলৈৰ মৃতদেহ উদ্ধাৰ কৰিছে যদিও বৰ্তমানলৈকে কোনো সন্ধান ওলোৱা নাই কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতিৰ। মাত্ৰ কেইমাহমান পূৰ্বে কামপুৰ আৰক্ষী থানাত যোগদান কৰা অসম আৰক্ষীৰ উপ-পৰিদৰ্শকগৰাকী সমগ্ৰ নগাঁও আৰক্ষীৰ মাজত এগৰাকী কৰ্মদক্ষ আৰু অমায়িক বিষয়া হিচাপে পৰিচিত আছিল।
দেওবাৰে নিশা কামপুৰ চহৰৰ পাচনিঝাৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সমীপত এগৰাকী অপৰাধীক বিচাৰি অভিযান চলাবলৈ যোৱাৰ সময়তে এই শোকাৱহ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, কনিষ্টবল ৰাজীৱ বৰদলৈৰ প্ৰাণৰক্ষা কৰিবলৈ পানীত জাপ দিছিল ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতিয়ে। পিছে কপিলী আৰু নিশাৰী নৈৰ পৰা সৃষ্ট সংহাৰী বানৰ কোবাল সোঁতে উটুৱাই নিয়ে দুয়োকে। বৰ্তমানলৈকে আৰক্ষী বিষয়াগৰাকীৰ সন্ধানত এছডিআৰএফে উদ্ধাৰ অভিযান চলাই আছে যদিও সমুজ্বল কাকতিৰ কোনো সন্ধান লাভ কৰা হোৱা নাই।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|