নগাঁও চহৰৰ বৈদ্যটুপ, মধুপুৰ, ভূঁঞাপট্টি আদি অঞ্চলত কলঙৰ বাঢ়নি পানীয়ে ক্ষয়-ক্ষতি কৰাৰ লগতে দেওবাৰে নিশা নগাঁও আৰক্ষী ছাউনীৰো বহু অঞ্চল প্লাৱিত কৰিছে।
নগাঁও চহৰৰ বৈদ্যটুপ, মধুপুৰ, ভূঁঞাপট্টি আদি অঞ্চলত কলঙৰ বাঢ়নি পানীয়ে ক্ষয়-ক্ষতি কৰাৰ লগতে দেওবাৰে নিশা নগাঁও আৰক্ষী ছাউনীৰো বহু অঞ্চল প্লাৱিত কৰিছে।
কলং নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে নগাঁও চহৰৰ বহু অঞ্চল। নগাঁও আৰক্ষী ছাউনীও পৰিছে কলং নৈৰ বানৰ কবলত। কাৰ্বি-লাংপি আৰু খাণ্ডাং জলবিদ্যুৎ প্ৰকল্পই হোৰাহোৰে পানী এৰি দিয়াৰ ফলত নগাঁও জিলাৰ কামপুৰ, ৰহা, চাপৰমুখ, দক্ষিণপাট, বৰকোলা আদি অঞ্চল ভয়াবহ বানৰ কবলত পৰাৰ পিছতে এতিয়া ভাবুকি নামিছে নগাঁও চহৰলৈকো।
ইতিমধ্যে নগাঁও চহৰৰ বৈদ্যটুপ, মধুপুৰ, ভূঁঞাপট্টি আদি অঞ্চলত কলঙৰ বাঢ়নি পানীয়ে ক্ষয়-ক্ষতি কৰাৰ লগতে দেওবাৰে নিশা নগাঁও আৰক্ষী ছাউনীৰো বহু অঞ্চল প্লাৱিত কৰিছে। নগাঁও আৰক্ষীৰ বহু চৰকাৰী আৱাসগৃহও বানত প্লাৱিত হৈছে। দেওবাৰে নিশা বাঢ়নী পানীয়ে নগাঁও আৰক্ষী ছাউনী প্লাৱিত কৰাৰ পিছতে নগাঁও আৰক্ষীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে আৰক্ষী ছাউনী এৰি অন্য ঠাইত আশ্ৰয় ল'বলৈ বাধ্য হৈছে নগাঁও আৰক্ষীৰ জোৱানসকলে। ইপিনে প্ৰতিদিনেই কলং নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ ফলত ন ন অঞ্চল বানৰ কবলত পৰাও দেখা গৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|