গো–ধনৰ বাবে খাদ্যৰ যোগাৰ কৰিবলৈ গৈছিল লোকজন। সেই সময়তে বানত উটি গৈ মৃত্যু হয় লোকজনৰ।
গো–ধনৰ বাবে খাদ্যৰ যোগাৰ কৰিবলৈ গৈছিল লোকজন। সেই সময়তে বানত উটি গৈ মৃত্যু হয় লোকজনৰ।
ৰাজ্যৰ চৌদিশে এতিয়া বানৰ ভয়াৱহ ছবি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বানৰ সংহাৰ। গৃহহীন হৈ পৰিছে বহু লোক। আলৈ–আথানি পশুধনৰ। ইয়াৰ মাজতে ৰঙিয়াৰ শিমলুৱাৰ ডোঙাৰপাৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা বানৰ কবলত পৰি সলিলসমাধি ঘটিছে এজন লোকৰ। মৃত লোকজনৰ নাম ভৱেশ কলিতা। গো–ধনৰ বাবে খাদ্যৰ যোগাৰ কৰিবলৈ গৈছিল লোকজন। সেই সময়তে বানত উটি গৈ মৃত্যু হয় লোকজনৰ। সৌৰভী গোশালাৰ কৰ্মচাৰী আছিল ভৱেশ কলিতাই।
মৃত ভৱেশ কলিতাৰ ঘৰ হাজোত বুলি জানিব পৰা গৈছে। এছডিআৰএফৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে ভৱেশ কলিতাৰ মৃতদেহ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|