• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Floods: পুনৰ ভয়াৱহ হোৱাৰ দিশে কামপুৰৰ বান পৰিস্থিতি ! এমাহৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে অহা বানে নিদ্ৰা হৰিছে ৰাইজৰ ...

Assam Floods: পুনৰ ভয়াৱহ হোৱাৰ দিশে কামপুৰৰ বান পৰিস্থিতি ! এমাহৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে অহা বানে নিদ্ৰা হৰিছে ৰাইজৰ ...

পুনৰ ভয়াবহ হোৱাৰ দিশে কামপুৰৰ বান পৰিস্থিতি। কামপুৰৰ বকলুগুৰি, পদুমনি, গোসা‌ইগাঁও, চাইবুক গাঁও, নলাপাৰা আদি বিভিন্ন অঞ্চল পুনৰ বানৰ কবলত।

পুনৰ ভয়াবহ হোৱাৰ দিশে কামপুৰৰ বান পৰিস্থিতি। কামপুৰৰ বকলুগুৰি, পদুমনি, গোসা‌ইগাঁও, চাইবুক গাঁও, নলাপাৰা আদি বিভিন্ন অঞ্চল পুনৰ বানৰ কবলত।

পুনৰ ভয়াবহ হোৱাৰ দিশে কামপুৰৰ বান পৰিস্থিতি। কামপুৰৰ বকলুগুৰি, পদুমনি, গোসা‌ইগাঁও, চাইবুক গাঁও, নলাপাৰা আদি বিভিন্ন অঞ্চল পুনৰ বানৰ কবলত।

  • Share this:
পুনৰ ভয়াবহ হোৱাৰ দিশে কামপুৰৰ বান পৰিস্থিতি। কামপুৰৰ বকলুগুৰি, পদুমনি, গোসা‌ইগাঁও, চাইবুক গাঁও, নলাপাৰা আদি বিভিন্ন অঞ্চল পুনৰ বানৰ কবলত। এটা মাহ নৌহ‌ওতেই দ্বিতীয় বাৰৰ বাবে অহা বানে এতিয়া হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে কামপুৰৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ।

পুনৰ ভয়াবহ হোৱাৰ দিশে কামপুৰৰ বান পৰিস্থিতি।নেৰানেপেৰা বৰষুণৰ ফলত পশ্চিম কাৰ্বি-আংলঙৰ খাণ্ডং জলবিদ্যুৎ প্ৰকল্পই গেট খুলি দিয়াৰ পাছত  বৃদ্ধি পাইছে কপিলী নৈৰ জলপৃষ্ঠ। শেহতীয়া বানত ভাঙি যোৱা মথাউৰি সমূহেদি কপিলী নদীৰ পানী সোমাৱাত কামপুৰৰ নৈ পৰীয়া কেইবাটাও অঞ্চল প্লাবিত হৈছে।এটা মাহ নৌহ‌ওতেই দ্বিতীয় বাৰৰ বাবে অহা বানে এতিয়া হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে কামপুৰৰ বিভিন্ন অঞ্চলৰ ৰাইজৰ।কামপুৰৰ বকলুগুৰি,পদুমনি,গোসা‌ইগাঁও,চাইবুক গাঁও,নলাপাৰা, আদি অঞ্চলৰ ৰাইজক শেহতীয়াকৈ হোৱা বানে সবৰ্হাৰা কৰি যোৱাৰ পিছত  ভাগি ছিগি যোৱা ঘৰখন ঠিক ঠাক কৰি আপোন  ঘৰখনত সোমোৱাৰ সপ্তাহ,দহদিনৰ ভিতৰতে পুনৰ এতিয়া পানী সোমোৱাত  হাহাকাৰ অৱস্থাৰ সৃষ্টি অঞ্চল সমূহৰ ৰাইজৰ মাজত।সকলোৱে আকৌ ঘৰ, দুৱাৰ,সা সম্পত্তি সকলো পানীৰ মাজত এৰি টুলুঙা নাঁৱ,ভূৰত উঠি নিজৰ প্ৰাণটো লৈ ঢাপলি মেলিছে ওখ স্থানলৈ। পানীৰ মাজত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে পশুধনৰ।ইফালে কামপুৰৰ প্ৰেমাজানৰ ভগ্ন মথাউৰিদি বৰপানী নৈৰ পানী সোমাই গোসাইগাঁও,চাইবুক গাঁৱকে  ধৰি কেইবাখনো গাঁও প্লাবিত কৰি তুলিছে।কপিলী আৰু বৰপানী নৈৰ বাঢ়নী পানীয়ে এতিয়া ন ন অঞ্চল প্লাবিত কৰি তুলিছে।আনহাতে কামপুৰৰ পশ্চিম কাৰ্বিআংলং পথৰ ওপৰৰে পানী বাগৰাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়াত। বিঘাই বিঘাই কৃষি ভূমি এতিয়া পানীৰ তলত। ইপিনে কপিলী, বৰপানী নৈৰ সমন্তৰালকৈ বৰ্তমান বৃদ্ধি পাইছে কলং নৈৰো জলপৃষ্ঠ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি