নিশা আছামীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ পানীত উটি গৈছিল দুই আৰক্ষী।
নিশা আছামীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ পানীত উটি গৈছিল দুই আৰক্ষী।
কামপুৰত বান উটি যোৱা আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ মৃতদেহ উদ্ধাৰ। SDRFয়ে উদ্ধাৰ কৰে সমুজ্জ্বল কাকতিৰ মৃতদেহ। দেওবাৰে নিশা কামপুৰৰ বাঢ়নী পানীত উটি গৈছিল সমুজ্জ্বল কাকতিৰ লগতে কনিষ্টবল ৰাজীৱ বৰদলৈ। নিশাই উদ্ধাৰ হৈছিল কনিষ্টবল ৰাজীৱ বৰদলৈক মৃতদেহ। নিশা আছামীৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ পানীত উটি গৈছিল দুই আৰক্ষী। সমুজ্জ্বল কাকতিৰ ঘৰ চাংসাৰিত।
দেওবাৰে নিশা কামপুৰ চহৰৰ পাচনিঝাৰৰ অগ্নিনিৰ্বাপক বাহিনীৰ কাৰ্যালয়ৰ সমীপত এগৰাকী অপৰাধীক বিচাৰি অভিযান চলাবলৈ যোৱাৰ সময়তে এই শোকাৱহ ঘটনা সংঘটিত হৈছে। জানিব পৰা মতে, কনিষ্টবল ৰাজীৱ বৰদলৈৰ প্ৰাণৰক্ষা কৰিবলৈ পানীত জাপ দিছিল ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতিয়ে। পিছে কপিলী আৰু নিশাৰী নৈৰ পৰা সৃষ্ট সংহাৰী বানৰ কোবাল সোঁতে উটুৱাই নিয়ে দুয়োকে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|