বছৰৰ দ্বিতীয়টো বানে ৰাজ্যৰ আন জিলাৰ সমান্তৰালকৈ হাইলাকান্দি জিলাতো ধাৰণ কৰিছে সংহাৰী ৰূপ। জিলাৰ মাজেৰে বৈ যোৱা তিনিওখন নৈ ধলেশ্বৰী, কাটাখাল আৰু বৰাক দেওবাৰৰ পৰা বিপদসীমা অতিক্ৰম কৰিছে। লগতে যোৱা তিনিদিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলতে বিভিন্ন ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হৈছে।
ইপিনে, কাটাখাল নৈ'ৰ বাঢ়নী পানীয়ে জিলাখনৰ দুই স্থানত মথাউৰি চিগি নিয়াৰ ফলত প্লাৱিত হৈছে ৩০খন গাঁও। স্থানীয় মোহনপুৰ এলেকাৰ এটা আৰু কালাছেড়া এলেকাৰ আংকাই লংকাই নামৰ ঠাইত মথাউৰি চিগাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বিস্তীৰ্ণ অঞ্চল। লগতে এতিয়াও জলবন্দী হৈ আছে বহু পৰিয়াল।
আনহাতে, বৰাক নৈৰ বাঢ়নী পানীয়ে ইতিমধ্যে প্লাৱিত কৰিছে ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাঁচগ্ৰাম অঞ্চলৰ এটা বৃহৎ এলেকা। ফলতে ৬নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ ঘোষণা কৰিছে হাইলাকান্দি জিলা প্ৰশাসনে। ৰাষ্ট্ৰীয় ঘাইপথটোৰ বদৰপুৰ ঘাটৰ পৰা ধলেশ্বৰলৈ সকলো প্ৰকাৰৰ যান–বাহনৰ চলাচল নিষিদ্ধ কৰিছে প্ৰশাসনে। ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশ বন্ধ কৰাৰ বাবে বৰাকৰ তিনিখন জিলাৰ ভিতৰত যোগাযোগ ব্যাহত হৈছে। লগতে বদৰপুৰ ঘাট আৰু ধলেশ্বৰ এলেকাত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|