• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Floods : ব্ৰহ্মপুত্ৰৰ বানৰ কবলত কলিয়াবৰৰ বৰঘূলী, বানৰ কবলত দুই শতাধিক পৰিয়াল

Assam Floods : ব্ৰহ্মপুত্ৰৰ বানৰ কবলত কলিয়াবৰৰ বৰঘূলী, বানৰ কবলত দুই শতাধিক পৰিয়াল

বছৰ বছৰ ধৰি খহনীয়াত বিপৰ্যস্ত বৰঘূলিত এতিয়া বানৰ তাণ্ডৱ। দুটা দিনত বৰলুইতৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বৰঘূলিৰ বিস্তীৰ্ণ এলেকা।

  • Share this:
নেৰানেপেৰা বৰষুণৰ ফলত অৱনতি ঘটিছে বান পৰিস্থিতিৰ। ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে কলিয়াবৰতো বানৰ তাণ্ডৱ। ব্ৰহ্মপুত্ৰৰ বানৰ কবলত পৰিছে কলিয়াবৰৰ বৰঘূলী। ব্ৰহ্মপুত্ৰ বাঢ়নী পানীয়ে বুৰাইছে ৩নং বৰঘূলীৰ বিস্তীৰ্ণ এলেকা। জিঅ' বান্ধৰ ওপৰেদি বাগৰিছে বাঢ়নী পানী। ব্ৰহ্মপুত্ৰ বাঢ়নী পানীত প্লাবিত হৈছে বৰঘূলীৰ ন ন অঞ্চল। পানীত ডুব গৈছে দুই শতাধিক লোকৰ বাসগৃহ। মথাউৰিৰ ওপৰত আশ্ৰয় লৈছে বন্যাৰ্তই। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰালে বৰঘূলী দুই শতাধিক পৰিয়াল ঘৰ-দুৱাৰ। বিগত বৰ্ষত অঞ্চলটোত স্থাপন কৰা জিঅ' গাইড-বান্ধ বুৰ গ'ল বাঢ়নী পানীত।

বছৰ বছৰ ধৰি খহনীয়াত বিপৰ্যস্ত বৰঘূলিত এতিয়া বানৰ তাণ্ডৱ। দুটা দিনত বৰলুইতৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বৰঘূলিৰ বিস্তীৰ্ণ এলেকা। নিৰাপদ স্থানলৈ গতি কৰিছে বানাক্ৰান্তই। বানত বুৰ গৈছে বহু পৰিয়ালৰ ঘৰ-বাৰী, খেতি-পথাৰ। নষ্ট হৈছে আহু ধান, মৰাপাট খেতি, শাক-পাচলি। মানুহ, পশুধনে একেলগে আশ্ৰয় লৈছে মথাউৰিৰ ওপৰত। জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ তাগিদাত দিহিঙে-দিপাঙে ঢপলিয়াইছে  বানাক্ৰান্ত ৰাইজ। ক্ৰমান্বয়ে বৃদ্ধি হৈছে পানীৰ স্তৰ। চৰকাৰৰ ওপৰত ক্ষোভ উজাৰিছে নৈপৰীয়া জনতাই।
Published by:Sanjay Kumar Das
First published: