• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Floods : ৩২খন জিলাৰ ৩১ লাখ লোক আক্ৰান্ত বানত, বান–ভূমিস্খলনত মৃত্যু ৬২জনৰ

Assam Floods : ৩২খন জিলাৰ ৩১ লাখ লোক আক্ৰান্ত বানত, বান–ভূমিস্খলনত মৃত্যু ৬২জনৰ

ভূটানে পানী এৰি দিয়া বাবে ভয়াৱহ বান হৈছে বুলিও সংবাদমেলত কয় ত্ৰিপাঠীয়ে। কাছাৰ, ডিমা হাচাও, কামৰূপ মহানগৰত হৈছে ভূমিস্খলন।

  • Share this:
ৰাজ্যৰ সকলো নদী বিপদ সীমাৰ ওপৰেৰে বৈ আছে। ৩২খন জিলা বানত আক্ৰান্ত হৈছে। সংবাদমেলত এই মন্তব্য অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ মুখ্য কাৰ্যবাহী বিষয়া জ্ঞানেন্দ্ৰ দেৱ ত্ৰিপাঠীৰ।

সংবাদমেলত ত্ৰিপাঠীয়ে কয়, ৩১ লাখ লোক আক্ৰান্ত হৈছে বানত। প্ৰায় ডেৰ লাখ লোকক ৰিলিফ কেম্পত ৰখা হৈছে। এনডিআৰএফ, এছডিআৰএফ, ভাৰতীয় সেনা সকলোৱে সহায় কৰিছে বানত আক্ৰান্তক উদ্ধাৰৰ বাবে। ২০ হাজাৰ লোকক উদ্ধাৰ কৰা হৈছে। এতিয়ালৈকে বান আৰু ভূমিস্খলনত ৬২জন লোকৰ মৃত্যু হৈছে বুলিও মন্তব্য কৰে ত্ৰিপাঠীয়ে।

মহানগৰীৰ ৩৬টা অঞ্চলক ভূমিস্খলন প্ৰৱণ এলেকা হিচাপে চিনাক্ত কৰা হৈছে। ভূটানে পানী এৰি দিয়া বাবে ভয়াৱহ বান হৈছে বুলিও সংবাদমেলত কয় ত্ৰিপাঠীয়ে। কাছাৰ, ডিমা হাচাও, কামৰূপ মহানগৰত হৈছে ভূমিস্খলন।
Published by:Sanjay Kumar Das
First published: