সৌন্দৰ্যৰ ৰাণী ডিমা হাছাওত এতিয়া প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ। বান–ভূমিস্খলনে এতিয়া বিধ্বস্ত কৰিছে অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ জিলাখনক। ভূমিস্খলনৰ ফলত এতিয়া বহিঃবিশ্বৰ সৈতে সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ডিমা হাছাওৰ। ঠায়ে ঠায়ে আবদ্ধ হৈ আছে বহু যাত্ৰী। চৌদিশে এক অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। পথ বন্ধ হৈ পৰাৰ ফলত এতিয়া খাদ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিয়াৰো আশংকা কৰা হৈছে। ইতিমধ্যে
ইফালে, কাহানিও নেদেখা দৃশ্য দেখা গ’ল নিউ হাফলং ৰে’ল ষ্টেচনত। হাফলং ৰে’ল ষ্টেচনত ৰৈ থকা এখন ৰে’ল ট্ৰেকৰ পৰা বাগৰাই দিয়ে পানীৰ ঢলে। সৌভাগ্যক্ৰমে ৰে’লখনত নাছিল কোনো যাত্ৰী। ৰে’ল ষ্টেচনটো এতিয়া সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে। বোকা–পানীৰে একপ্ৰকাৰ ধ্বংসস্তুপত পৰিণত হৈছে প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত অৱস্থিত ৰে’ল ষ্টেচনটো।
ইফালে, ৰাজ্যৰ আন আন প্ৰান্ততো দেখা গৈছে বানৰ তাণ্ডৱ। বিভিন্ন স্থানত বানে লৈছে কালৰূপ। ঘৰ–দুৱাৰ, বাট–পথ বুৰাই পেলাইছে বানে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 17, 2022, 09:23 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।