নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হৈছে ভয়াৱহ বান পৰিস্থিতিৰ।ৰাজ্যৰ নৈ-উপনৈসমূহৰ জলস্তৰ ওফন্দি উঠাৰ ফলত পুনৰ গৃহহাৰা হৈ পৰিছে নৈপৰীয়া লোকসকল।প্ৰতিকুল বতৰৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ কেইবাখনো জিলাত ১৮ জুনলৈ বন্ধ ঘোষণা কৰা হৈছে শিক্ষানুষ্ঠানসমূহ।
বাক্সা জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকাৰীৰ অধ্যক্ষ আয়ুস গাৰ্গে এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ বাগানপাৰা, বৰমা, বাক্সা আৰু জালাহ ৰাজহ চক্ৰ এলেকাৰ অধীনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠান ১৭ জুন আৰু ১৮ জুনত বন্ধৰ ঘোষণা কৰিছে (Flood in Assam)।
উল্লেখ্য যে জিলাখনৰ মাজেৰে বৈ যোৱা মৰা-পাগলাদিয়া, পাগলাদিয়া, কালদিয়া, টিহু আদি নদীৰ পানী বৃদ্ধি পোৱাৰ লগতে অৰ্ধশতাধিক গাঁও প্লাৱিত হৈছে ৷ ইতিমধ্যে জিলা প্ৰশাসনে অতি তৎপৰতাৰে বন্যাৰ্ত লোকসকলক এছ ডি আৰ এফৰ সহযোগত উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিছে ৷ জিলা প্ৰশাসনে জিলাখনৰ বৰশিমলুগুৰি, নিচলামাৰী, জাৰতালুক, জালাহৰ ভেবলা আদি ঠাইত উদ্ধাৰ অভিযান চলায় ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|