உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Assam Flood: পঞ্চম দিনাও অপৰিৱৰ্তিত অৱস্থাত কামপুৰৰ বান পৰিস্থিতি ! বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতি, ন ন অঞ্চল প্লাৱিত ...

    Assam Flood: পঞ্চম দিনাও অপৰিৱৰ্তিত অৱস্থাত কামপুৰৰ বান পৰিস্থিতি ! বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতি, ন ন অঞ্চল প্লাৱিত ...

    ঘৰৰ মধুচ পৰ্যন্ত পানী উঠিছে কামপুৰ,তেতেলীসৰাৰ বিভিন্ন অঞ্চলত।শেহতীয়াকৈ নিশাৰী নৈ বানে তেতেলীসৰা গ্ৰান্টৰ প্ৰায় ৭০ খনকৈ গাঁও প্লাবিত কৰিছে। নিশাৰীৰ বাঢ়নী পানী কামপুৰ-কঠীয়াতলী সংযোগী গড়কাপ্তানী পথৰ ওপৰৰে  বাগৰাৰ ফলত স্থানীয় প্ৰশাসনে পথটোৰ যাতায়াত সাময়িকভাবে বন্ধ কৰি দিছে।

    • Share this:
    পঞ্চম দিনাও অপৰিবৰ্তিত অৱস্থাত আছে কামপুৰৰ বান পৰিস্থিতি।কপিলী, বৰপানী আৰু নিশাৰী নদীৰ বাঢ়নী পানীয়ে এতিয়া সাগৰ সদৃশ পৰিবেশৰ সৃষ্টি কৰিছে কামপুৰৰ বিভিন্ন অঞ্চলত।নিতৌ প্লাবিত হৈছে ন ন অঞ্চল সমূহ।

    যেনিয়ে চোৱা যায় কেৱল পানী আৰু পানী।ঘৰৰ মধুচ পৰ্যন্ত পানী উঠিছে কামপুৰ,তেতেলীসৰাৰ বিভিন্ন অঞ্চলত।শেহতীয়াকৈ নিশাৰী নৈ বানে তেতেলীসৰা গ্ৰান্টৰ প্ৰায় ৭০ খনকৈ গাঁও প্লাবিত কৰিছে। নিশাৰীৰ বাঢ়নী পানী কামপুৰ-কঠীয়াতলী সংযোগী গড়কাপ্তানী পথৰ ওপৰৰে  বাগৰাৰ ফলত স্থানীয় প্ৰশাসনে পথটোৰ যাতায়াত সাময়িকভাবে বন্ধ কৰি দিছে। সাগৰ সদৃশ পৰিবেশৰ মাজত এক অৰ্বণনীয় পৰিবেশ এতিয়া কামপুৰৰ তেতেলীসৰাকে ধৰি অঞ্চলত।বৰ্ণাত্যসকলে ঘৰ দুৱাৰ এৰি টালি টোপোলা লৈ ওখ স্থানলৈ ঢাপলি মেলিছে।আনকি ৭ দিনীয়া পানী কেচুৱা,মাতৃক লৈ টুলুঙা নাৱত ওখ স্থানলৈ বিপদ সংকুল যাত্ৰা কৰিছে বৰ্ণাত্য সকলে।অস্থায়ী শিৱিৰত থকা বৰ্ণাত্য সকলে এটুপি বিশুদ্ধ খোৱাপানী আৰু আহাৰৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি কৰিব লগা হৈছে। জিলা প্ৰশাসনে থায়ে থায়ে আহাৰৰ ব্যৱস্থা কৰিছে যদিও সেয়া পৰ্যাপ্ত হৈ উঠা নাই। পশুধনৰ বিলাই বিপত্তি নোহোৱা অৱস্থাৰ সৃষ্টি হৈছে।উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ নোহোৱাৰ বাবে কামপুৰৰ  বহু অঞ্চলৰ বৰ্ণাত্য পানীৰ মাজতেই আবদ্ধ হৈ থাকিব লগা হৈছে।আজি বিয়লি  সমষ্টিটোৰ বিধায়ক জিতু গোস্বামীয়ে তৎপৰতাত কিছু বৰ্ণাত্য ওখ স্থানলৈ স্থানান্তৰিত কৰা হয়। বিধায়ক গৰাকীয়ে জানিব দিয়া মতে সন্ধিয়া ভাগত গুৱাহাটীৰ পৰা অহা এন ডি আৰ এফৰ দলৰ জৰিয়তে বৰ্ণাত্য সকলক উদ্ধাৰ অভিযান চলোৱাৰ লগতে খাদ্য‌ও যোগান ধৰা হ'ব। ইপিনে  কপিলী আৰু নিশাৰী নৈৰ বাঢ়নী পানীয়ে কালি নিশা নগাঁৱৰ ৰাঙলু,ননৈ, জুমৰমুৰ,গৰুবন্ধাৰ লগতে তুলসী দেউৰী পঞ্চায়তৰ কুৰাবাহী,পাখিমৰীয়া পঞ্চায়তৰ অলপীয়া বেবেজীয়া আৰু দক্ষিণপাট পঞ্চায়তৰ বৰক'লা অঞ্চল প্লাবিত কৰে।বৰক'লা অঞ্চলত আজি স্থানীয় ৰাইজে বানত উটি অহা এটা হৰিনা উদ্ধাৰ কৰে।পিছত হৰিনাটোক বন বিভাগক গটাই দিয়া হয়।ইপিনে সদৰ সমষ্টিৰ অন্তৰ্গত অঞ্চল সমূহত বানে প্লাবিত কৰা পাছতেই আজি উক্ত স্থান সমূহ পৰিদৰ্শন কৰে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। বিধায়কগৰাকীয়ে লগতে বানাক্ৰান্ত সকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সুবিধা-অসুবিধাৰ বুজ ল‌য়। লগতে বৰ্নাত্য সকলৰ প্ৰয়োজনীয় সুবিধাৰ বাবে ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰে।
    Published by:Kokil Sarma
    First published: