உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিভাগীয় অভিযন্তাৰ পৰা অসমৰ সামগ্ৰিক বান পৰিস্থিতিৰ বুজ ল'লে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই ...

    ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিভাগীয় অভিযন্তাৰ পৰা অসমৰ সামগ্ৰিক বান পৰিস্থিতিৰ বুজ ল'লে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই ...

    জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি জনতা ভৱনস্থিত কাৰ্যালয়ত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব, এছ আব্বাচী আৰু জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাৰ উপস্থিতিত ভিডিঅ' কনফাৰেন্সৰ জড়িয়তে অসমৰ প্ৰতিখন জিলা আৰু সংমণ্ডলৰ জলসম্পদ বিভাগৰ অভিযন্তা সকলৰ সৈতে অসমৰ বানপানীৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

    • Share this:

    মন্ত্ৰীগৰাকীয়ে এই বৈঠকত জিলাসমূহৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিভাগৰ প্ৰতিজন বিষয়া কৰ্মচাৰীকে বানপানীৰ এই সময়চোৱাত ২৪ ঘণ্টাই সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়ে । মন্ত্ৰীগৰাকীয়ে অভিযন্তা সকলক বানপানীৰ সময় চোৱাত জলসম্পদ বিভাগৰ বাহিৰেও অন্যান্য বিভাগৰ দ্বাৰা নিৰ্মিত বান্ধ সমূহতো সমানে দৃষ্টি ৰাখি প্ৰয়োজনীয় কাৰ্যপন্থা হাতত লবলৈ আহ্বান জনায় । "অপোনালোক সকলোৱে ২৪ ঘন্টাই নিৰীক্ষণত ৰাখি মথাউৰি যাতে নাভাঙে সেয়া মন কৰিব আৰু পানী অলপ কমি যোৱাৰ লগে লগে ক্ষতিগ্ৰস্ত হোৱা মথাউৰিসমূহ লগে লগে মেৰামতি কৰিব", মন্ত্ৰীগৰাকীয়ে অভিযন্তাসকলক উদ্দেশ্যি নিৰ্দেশ দিয়ে |

    আনহাতে শেহতীয়াকৈ সমগ্ৰ ৰাজ্যখন বানৰ প্ৰকোপত থকাৰ সময়ত বিভিন্ন স্থানত বিভিন্ন বিভাগৰ দ্বাৰা নিৰ্মিত মথাউৰি অথবা বান্ধসমূহ ক্ষতিগ্ৰস্ত হৈ কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি কৰা বিষয়টোক বিশেষভাৱে গুৰুত্ব দি মন্ত্ৰীগৰাকীয়ে অভিযন্তাসকলক কয় যে বান্ধ যি বিভাগৰে নহওক কিয়, বানপানীৰ সময়ত জলসম্পদ বিভাগে এই বান্ধসমূহৰ ওপৰতো নজৰ ৰাখিব আৰু প্ৰয়োজন অনুসৰি জৰুৰীকালীনভাৱে বান্ধ মেৰামতিৰ ব্যৱস্থা কৰি জনসাধাৰণক বানৰ পৰা কিছু ৰক্ষা কৰাৰ বাবে প্ৰয়াস কৰিব | জৰুৰী যিকোনো অৱস্থাত মন্ত্ৰীগৰাকীক পোনপটীয়াকৈ যোগাযোগ কৰি সকলো খবৰ দি থাকিবৰ বাবেও তেওঁ অভিযন্তাসকলক নিৰ্দেশ দিয়ে আৰু কয় যে আপাতকালীন ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰয়োজনীয় সকলো সাহায্য বিভাগৰ বৰমূৰীয়াসকলে জিলা আৰু সংমণ্ডলসমূহলৈ সময়মতে প্ৰদান কৰাটো নিশ্চিত কৰিব | মূলত: এই সময়চোৱাত মথাউৰিৰ সুৰক্ষাৰ দিশটোৱেই সকলোৱে প্ৰাধান্য দিব লাগে বুলি মন্ত্ৰীগৰাকীয়ে অভিযন্তাসকলক নিৰ্দেশ দিয়ে | শেহতীয়াকৈ মন্ত্ৰীগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদ পৰিদৰ্শন কৰি চৌহদৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা ল’বলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিছিল | আজিৰ বৈঠকতে মন্ত্ৰীগৰাকীয়ে এই বিষয়ে খবৰ লৈ বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা কৃত্ৰিম বানপানী উলিয়াই নিয়াত সফল হোৱা বাবে বিভাগীয় কৰ্তৃপক্ষৰ কামৰ শলাগ লয় |
    Published by:Kokil Sarma
    First published: