শুকুৰবাৰৰ পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া বিপদসীমাৰ ওপৰৰে বৈছে কপিলী আৰু বৰপানী নদীৰ জলপৃষ্ঠ৷
শুকুৰবাৰৰ পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া বিপদসীমাৰ ওপৰৰে বৈছে কপিলী আৰু বৰপানী নদীৰ জলপৃষ্ঠ৷
বছৰৰ প্ৰথমটো বানে প্লাবিত কৰিছে কামপুৰ-কচুৱা অঞ্চলৰ কেইবাখনো গাঁও। বছৰৰ প্ৰথমটো বানে কামপুৰ-কচুৱাৰ কেইবাখনো গাঁও প্লাবিত কৰা লগতে ডুবাই পেলাইছে কৃষি ভূমি।
শুকুৰবাৰৰ পৰা অহা নেৰানেপেৰা বৰষুণৰ ফলত এতিয়া বিপদসীমাৰ ওপৰৰে বৈছে কপিলী আৰু বৰপানী নদীৰ জলপৃষ্ঠ৷ নেৰানেপেৰা বৰষুণৰ ফলত কপিলী জলবিদ্যুৎত প্ৰকল্পৰে পানী দ্ৰুত গতিত বৃদ্ধি পোৱাৰ লগতে বৰপানী নৈৰ কাৰ্বিলাংপি জলবিদ্যুৎ প্ৰকল্পৰ ৪খন গেট খুলি দিছে কৰ্তৃপক্ষই। যাৰফলত কামপুৰ নবনিৰ্মিত দলঙলৈও আহিছে ভাবুকি ৷
ইতিমধ্যে বছৰৰ প্ৰথমটো বানত জলমগ্ন হৈছে শিঙিমাৰী , লংজাপ আৰু শিলডুবিকে ধৰি কেইবাখনো গাঁও আৰু কৃষিভুমি। বছৰৰ প্ৰথমটো বানে বহু অঞ্চলৰ কৃষিভূমি ডুৱাই পেলোৱাত এতিয়া মুৰে কঁপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে চহা কৃষকৰ। ইপিনে বৰপানী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে জুৰিপাৰৰ এখন বাঁহৰ দলং ৷ যাৰ ফলত বন্ধ হৈ পৰিল জুৰিপাৰ আৰু শিঙিমাৰী দুয়োখন গাঁৱৰ মাজৰ যাতায়ত।বছৰৰ প্ৰথমটো বানে এতিয়া শংকিত কৰি তুলিছে নৈ পৰীয়া ৰাইজক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|