অসমত মঙলবাৰেও ব্ৰহ্মপুত্ৰ, বৰাক আৰু উপনদীসমূহৰ বান পৰিস্থিতি (Assam Flood) ভয়ংকৰ হৈ আছে। ৰাজ্যখনৰ এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত এতিয়ালৈকে ৮২ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু প্ৰায় ৪৫ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।
অসমত মঙলবাৰেও ব্ৰহ্মপুত্ৰ, বৰাক আৰু উপনদীসমূহৰ বান পৰিস্থিতি (Assam Flood) ভয়ংকৰ হৈ আছে। ৰাজ্যখনৰ এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত এতিয়ালৈকে ৮২ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু প্ৰায় ৪৫ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।
অসমত মঙলবাৰেও ব্ৰহ্মপুত্ৰ, বৰাক আৰু উপনদীসমূহৰ বান পৰিস্থিতি (Assam Flood) ভয়ংকৰ হৈ আছে। ৰাজ্যখনৰ এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত এতিয়ালৈকে ৮২ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু প্ৰায় ৪৫ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। ইফালে, তিব্বতী আধ্যাত্মিক নেতা দালাই লামাই বানপীড়িত লোকসকলৰ বাবে অসমৰ জনসাধাৰণৰ সৈতে একত্ৰিত হৈ দান কৰাৰ কথা ঘোষণা কৰিছে। তেওঁ এই সন্দৰ্ভত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ লিখিছে।
যোৱা ২৪ ঘণ্টাত অসমত বানপানীৰ ফলত ১১ জন লোকৰ মৃত্যু হৈছে, আনহাতে ৭ জন লোক সন্ধানহীন হোৱা বুলি কোৱা হৈছে। বিষয়াসকলৰ মতে, উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ভুৱনেশ্বৰৰ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ (NDRF) জোৱানসকলক অসমলৈ প্ৰেৰণ কৰা হৈছে। বৰাক উপত্যকাত, কৰিমগঞ্জ আৰু কাচাৰ জিলাৰ বৰাক আৰু কুশিয়াৰা নদীৰ পানীৰ স্তৰ বৃদ্ধি হোৱাৰ বাবে পৰিস্থিতি ভয়ংকৰ হৈ আছে।
বিপদসীমাৰ ওপৰত বহুতো নদী
কেন্দ্ৰীয় জল আয়োগৰ বুলেটিন অনুসৰি, নগাঁও জিলাৰ কামপুৰত কপিলী নদী আৰু নিমাতিঘাট, তেজপুৰ, গুৱাহাটী, কামৰূপ, গোৱালপাৰা আৰু ধুবুৰীত থকা ব্ৰহ্মপুত্ৰ নদী আৰু পুঠিমাৰী, পাগলাদিয়া, বেকি, বৰাক, কুশিয়াৰা নদী বিপদসীমাৰ ওপৰেৰে বৈ আছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|