ৰাজ্যত ভয়াৱহ বানৰ বাবে ব্যাহত হৈছে ৰে’লসেৱা। লামডিং-বদৰপুৰৰ মাজত ১৯ জুলাইলৈ সকলো ৰে’লৰ চলাচল বন্ধ। ৰে’ল চলাচলৰ বাবে মেৰামতিৰ কাম অব্যাহত আছে। প্ৰতিকূল বতৰে ব্যাঘাত জন্মাইছে মেৰামতিৰ কামত। আন কেইবাখনো ৰে’লৰ চলাচল বাতিল কৰিছে এন এফ ৰে’লৱেই।
১৭ আৰু ১৯ জুলাইত চলিবলগীয়া 15612 নামনিমুৱা শিলচৰ-গুৱাহাটী ৰে’লৰ চলাচল বাতিল। ১৮ আৰু ২০ জুলাইত চলিবলগীয়া 15611 উজনিমুৱা শিলচৰ-গুৱাহাটী ৰে’ল দুখনৰ চলাচল বাতিল কৰা হৈছে। বাতিল কৰা হৈছে 55615 উজনিমুৱা গুৱাহাটী-শিলচৰ পেছেঞ্জাৰ ৰে’লৰ চলাচল। ১৯ জুলাইত যাত্ৰা কৰিব লগা আছিল এই ৰে’লখনে। ২০ জুলাইৰ 55616 নামনিমুৱা পেছেঞ্জাৰ ৰে’লখনো বাতিল কৰা হৈছে। আনহাতে, 13173 উজনিমুৱা শিয়ালদহ-আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখন লামডিং-শিয়ালদহৰ মাজতহে চলাচল কৰিব। 13175 আৰু 13173 শিয়ালদহ-আগৰতলা কাঞ্চনজংঘা ৰে’ল দুখনো লামডিং-শিয়ালদহৰ মাজত চলাচল কৰিব। 12515 উজনিমুৱা ত্ৰিবান্দ্ৰম-শিলচৰ ৰে’লখন শিলচৰলৈ যোৱাৰ পৰিৱৰ্তি গুৱাহাটীতে ৰখোৱা হ’ব। 12508 নামনিমুৱা আৰোনাই এক্সপ্ৰেছ ৰে’লখনে শিলচৰৰ পৰিৱৰ্তে গুৱাহাটী আৰু ত্ৰিবান্দ্ৰমৰ মাজত চলাচল কৰিব। 14020 উজনিমুৱা আনন্দ বিহাৰ-আগৰতলা ত্ৰিপুৰা সুন্দৰী ৰে’লখন আগৰতলাৰ পৰিৱৰ্তে গুৱাহাটী আৰু আনন্দ বিহাৰ ষ্টেচনৰ মাজত চলাচল কৰিব। 14019 নামনিমুৱা ত্ৰিপুৰা সুন্দৰী ৰে’লখনো আগৰতলাৰ পৰিৱৰ্তে গুৱাহাটী আৰু আনন্দ বিহাৰ ষ্টেচনৰ মাজত চলাচল কৰিব। 01665 উজনিমুৱা হবিবগঞ্জ-আগৰতলা এক্সপ্ৰেছ ৰে’লখন সাময়িকভাৱে বাতিল কৰা হৈছে আৰু ৰে’লখন গুৱাহাটী ষ্টেচনতে ৰখোৱা হ’ব। 01666 নামনিমুৱা আগৰতলা-হবিবগঞ্জ ৰে’লখনো গুৱাহাটী ষ্টেচনতে ৰখোৱা হ’ব আৰু সাময়িকভাৱে বাতিল কৰা হৈছে ৰে’লখনৰ যাত্ৰা। 20502 উজনিমুৱা আনন্দ বিহাৰ-আগৰতলা ৰাজধানী এক্সপ্ৰেছ ৰে’লখন সাময়িকভাৱে বাতিল কৰা হৈছে আৰু ৰে’লখন আগৰতলা ষ্টেচনৰ পৰিৱৰ্তে লামডিং ষ্টেচন আৰু আনন্দ বিহাৰৰ মাজত চলাচল কৰিব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 15, 2019, 22:46 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।