মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Flood: অনুদান বা পেকেজ দিয়াৰ ভয়তে অসমলৈ অহা নাই কেন্দ্ৰীয় চৰকাৰৰ কোনো মন্ত্ৰী

Assam Flood: অনুদান বা পেকেজ দিয়াৰ ভয়তে অসমলৈ অহা নাই কেন্দ্ৰীয় চৰকাৰৰ কোনো মন্ত্ৰী

Assam Flood: বাঢ়নী পানীত নাও চলাই ৰহাত বানাক্ৰান্তৰ কাষত উপস্থিত হ'ল AJYCPৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই।

Assam Flood: বাঢ়নী পানীত নাও চলাই ৰহাত বানাক্ৰান্তৰ কাষত উপস্থিত হ'ল AJYCPৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই।

  • Share this:
বাঢ়নী পানীত নিজে নাও চলাই শুকুৰবাৰে ৰহাত বানাক্ৰান্তৰ কাষত উপস্থিত হ'ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ (AJYCP)ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাই। চাংমাইৰ লগতে বানাক্ৰান্তৰ কাষত উপস্থিত হয়গৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি আৰু ৰহা সমিতি। ৰহাৰ বান পৰিস্থিতি বুজ লৈ অসম জাতীয়তাবাদী য়ুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে দুৰ্দশাগ্ৰস্ত বন্যাৰ্তক পৰ্যাপ্ত পৰিমাণে সাহায্য (Flood Relief) প্ৰদানৰ বাবে চৰকাৰক দাবী জনায়।

শুকুবাৰে নগাঁও জিলা সমিতিৰ উদ্যোগত বান বিধ্বস্ত ৰহাৰ ৰহাচকী, হাৰিয়ামুখ, ৰহা ৰে'ল ষ্টেচন আদিত আশ্ৰয় লৈ থকা বানাক্ৰান্তসকলৰ মাজত অত্যাবশ্যকীয় খাদ্যসামগ্ৰী বিতৰণ কৰে। এজেৱাইচিপিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে পুৰণি জৰাজীৰ্ণ মথাউৰিৰ বাবেই ভয়াৱহ বানৰ সৃষ্টি হোৱা বুলি অভিযোগ তুলি মথাউৰিসমূহ মেৰামতি কৰিবলৈ আৰু বানাক্ৰান্তক উপযুক্ত ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনায়। ইপিনে

কেন্দ্ৰীয় চৰকাৰ (Central Government)ক সমালোচনা কৰি অসমলৈ অনুদান বা পেকেজ দিয়াৰ ভয়তে কেন্দ্ৰীয় চৰকাৰৰ কোনো মন্ত্ৰী অসমৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ অসমলৈ অহা নাই বুলি অভিযোগ তোলে পলাশ চাংমাইয়ে । বানসাহাৰ্য বিতৰণ কাৰ্যসূচীত পলাশ চাংমাই ৰ লগতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি দীপমনি বড়া,সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বনিয়াও আছিল।

শেহতীয়া বাতৰি