বানপানীক লৈ মন্ত্ৰী ৰণজিত দাসে (Minister Ranjit Das) উলিয়াইছে এক নতুন ফৰ্মুলা। মন্ত্ৰীগৰাকীয়ে নিজেই প্ৰকাশ কৰিছে এই কথা। বিগত দুদিন ধৰি পাটাছাৰকুচিত বান পৰিস্থিতিৰ বুজ লৈ থকা আৰু বান পীড়িত লোকৰ খবৰ লৈ থকা মন্ত্ৰী ৰণজিত দাসে দাবী কৰে যে তেওঁৰ এই ফৰ্মূলাৰে কাম কৰিলে একেৰাহে তিনি মাহ বৰষুণ দি থাকিলেও হেনো অসমত নহয় বানপানী।
মন্ত্ৰী ৰণজিত দাসে কয়, "একেৰাহে তিনি মাহ বৰষুণ দিলেও অসমত বানপানী (Flood in Assam) নহ'ব। এনে এটা ফৰ্মূলা মই উদ্ভাৱন কৰিছোঁ।" তেওঁ আৰু কয়, "বৰ্তমান আওপুৰণি ব্যৱস্থাৰে চলি আছে জনলসম্পদ বিভাগ 9Water Resource Department)ৰ কামকাজ। মই বানপানীৰ সৈতে যুঁজি যুঁজি বিধায়ক হৈ তাৰ পিছত মন্ত্ৰী হৈছোঁ।"
গতিকে অভিজ্ঞতাৰ ভিত্তিত এই ধাৰণা আৱিষ্কাৰ কৰা বুলি দাবী কৰে মন্ত্ৰী দাসে।
পিছে এতিয়াই তেওঁ এই ফৰ্মূলা সংবাদ মাধ্যমৰ সন্মুখত ৰাজহুৱা নকৰিলে। "প্ৰথমে ৰাজ্যৰ কেবিনেট (Assam Cabinet)ত উত্থাপন কৰিম আৰু তাৰ পিছতহে এই ধাৰণা ৰাজহুৱা কৰিম" বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।
বানপানী ৰোধ (Flood Control Measurs) কৰিবলৈ নতুন ধাৰণা আবিস্কাৰ মন্ত্ৰী গৰাকীয়ে বজালী তথা পাটাছাৰকুছি সমষ্টিত বানক্ৰান্ত অৱস্থা দেখি দুখ প্ৰকাশ কৰে। যিমান পাৰে সহায়ৰ হাত আগবঢ়াবলৈ চেষ্টা কৰিছে মন্ত্ৰীগৰাকীয়ে। নিশালৈ শিবিৰত থকা আবাসীক সাক্ষাৎ কৰি ব্ৰেড, পানী বটল বিতৰণ কৰে মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিত দাসে ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : June 18, 2022, 03:40 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।