Minister Pijush Hazarika: মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱলৈ আহিল অভিভাৱক মন্ত্ৰী পিয়ুষ হাজৰিকা
Minister Pijush Hazarika: মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱলৈ আহিল অভিভাৱক মন্ত্ৰী পিয়ুষ হাজৰিকা
বানপীড়িত অঞ্চলত কৰ্তব্যৰত আৰক্ষীৰ জোৱানৰ বাবে লাইফ জেকেট প্ৰয়োজনীয়। চৰকাৰে এই বিষয়ত চিন্তা-চৰ্চা কৰিছে- নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য কৰে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই। নগাঁও আৰক্ষী ছাউনীত বানত মৃত্যুবৰণ কৰা কামপুৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্বল কাকতি আৰু আৰক্ষীৰ কনিষ্টবল ৰাজীৱ বৰদলৈৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জনাবলৈ আহি মন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে।
মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তেঁও ততাতৈয়াকৈ নগাঁৱলৈ আহিছে। আনহাতে কাৰ্বি-লাংপি আৰু খাণ্ডাং জলবিদ্যুৎ প্ৰকল্পই হোৰাহোৰে পানী এৰি দিয়াৰ ফলত মধ্য অসমৰ ৰাইজৰ চৰম দুৰৱস্থা হোৱা প্ৰসংগত সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ উত্তৰত পিয়ুষ হাজৰিকাই কয়, 'এইবাৰ ডিমা-হাছাওত অত্যধিক বৰষুণ দিয়াৰ ফলতে মধ্য অসমত এই অৱস্থা হৈছে। ফলত মধ্য অসমৰ ন ন অঞ্চলত বানৰ সৃষ্টি হৈছে।' ইপিনে বানপানীত মৎস্য চিকাৰ কৰাৰ পৰা বিৰত থাকিবলৈকো ৰাইজক আহ্বান জনাইছে মন্ত্ৰী গৰাকীয়ে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|