মৰাণৰ ধেমেচীত বন্যাৰ্তৰ হাহাকাৰ, বিগত ১০ দিনে আশ্ৰয় গ্ৰহণ কৰি আছে পথৰ ওপৰত

বিগত ১০ টাকৈ দিনে অঞ্চলটো জলমগ্ন হৈ থকাৰ পিছতো এতিয়ালৈকে বানাক্ৰান্তই লাভ কৰা নাই কোনো চৰকাৰী সাহায্য৷
বিগত ১০ টাকৈ দিনে অঞ্চলটো জলমগ্ন হৈ থকাৰ পিছতো এতিয়ালৈকে বানাক্ৰান্তই লাভ কৰা নাই কোনো চৰকাৰী সাহায্য৷
- News18 Assam
- Last Updated: July 6, 2020, 8:29 AM IST
আনহাতে, সমষ্টিটোৰ বিধায়ক চক্ৰধৰ গগৈয়ে বানাক্ৰান্ত অঞ্চলটোত উপস্থিত হৈ মাত্ৰ কেইটামান পৰিয়ালক ৫ কেজিকৈ চাউল প্ৰদান কৰি গুচি যোৱাত ক্ষুদ্ধ হৈ পৰিছে বানাক্ৰান্তসকল৷ বানত ক্ষতিগ্ৰস্ত মুঠ ৫৪টা পৰিয়ালক সাহায্য প্ৰদান কৰি বিপদৰ পৰা সকাহ দিবলৈ চৰকাৰ-প্ৰশাসনক দাবী জনাইছে বানাক্ৰান্তই৷ আনহাতে, একমাত্ৰ কৃষিৰ ওপৰতে নিৰ্ভৰশীল কৃষকসকলৰ কৃষিভূমি এতিয়াও পানীৰ তলতে থকাত সৃষ্টি হৈছে আন এক সমস্যাৰ। পানী শুকোৱাৰ পিছতে সময়মতে ৰুব পৰাকৈ উন্নতমানৰ ধানৰ কঠিয়া কৃষকসকলক প্ৰদান কৰাৰ দাবী জনাইছে কৃষকসকলে।