কামপুৰত মাছ ধৰিবলৈ গৈ সন্ধানহীন এজন। ৰহাত বান পৰিস্থিতিৰ বুজ লয় জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই।
কামপুৰত মাছ ধৰিবলৈ গৈ সন্ধানহীন এজন। ৰহাত বান পৰিস্থিতিৰ বুজ লয় জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই।
কপিলী আৰু বৰপানী, নিশাৰী নদীৰ বানপানীয়ে নগাঁও জিলাত তাণ্ডৱ চলাই থকাৰ সময়তেই শেহতীয়াভাৱে কলং নৈ জলপৃষ্ঠ বৃদ্ধি হৈ নগাঁও জিলাৰ বিভিন্ন স্থানত ভয়াবহ ৰূপ লৈছে ৷ কলং নৈয়ে জিলাখনৰ বিভিন্ন স্থানত এক বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷
নগাঁও জলসম্পদ বিভাগে জনোৱা অনুসৰি নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং নৈ নগাঁও চহৰত আজি বিপদসীমাৰ ১.৩০ মিটাৰ ওপৰৰে বৈ আছে ৷ কলঙৰ জলপৃষ্ঠ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আনহাতে ৰহাত কলং নৈ ১.২৯ মিটাৰ বিপদ সীমাৰ ওপৰৰে বৈ আছে ৷ কপিলী নৈ জলপৃষ্ঠ কিছু পৰিমানে কমিছে যদিও আজিও কামপুৰত কপিলী নৈ জলপৃষ্ঠ বিপদসীমাৰ ১.৫৬ মিটাৰ ওপৰৰে বৈ আছে ৷ ইপিনে কপিলী , নিশাৰি নৈৰ বাঢ়নী পানীয়ে বৃহত্তৰ ননৈ,ৰাঙলু, জুমৰমুৰ, নাথগাঁও,নৈপাম,বৰক'লা, কচুপিট,চেংমাৰা ,ঘাগৰীয়াল ,দক্ষিণপাট,মহমৰীয়া,ডাকৰঘাট আদি বিভিন্ন অঞ্চল জলমগ্ন কৰিছে ৷ তুলসীমুখৰ ঘাগৰিয়ালৰ মূল পথটো যোৱা নিশা কপিলীৰ বাঢ়নী পানীয়ে ছিঙি নিয়ে ।যাৰ ফলত যাতায়ত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে।বানৰ ফলত এতিয়া নগাঁও জিলাত কেইবাহাজাৰ লোকে বিভিন্ন স্থানত আশ্ৰয় লব লগা হৈছে ৷ খাদ্যসামগ্ৰীকে ধৰি বৰ্ণাত্যৰ অন্যান্য সামগ্ৰীক আৰু পশুধনৰ আহাৰক লৈ এতিয়া হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ৷ইপিনে আজি কামপুৰৰ আহোম গাঁৱত সংঘটিত হয় অঘটন। মাছ ধৰিবলৈ গৈ কামপুৰৰ আহোমগাঁৱত বানত উটি গ'ল এজন যুৱক। মাছ মাৰি থকা অৱস্থাত পানীৰ কোবাল সোঁতত উটি গ'ল যুৱকজন। যুৱক জনৰ কামপুৰ আহোম গাঁৱৰ ছৰিফ আলী।যুৱকজনক বিচাৰি এচ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই ।আনহাতে আজি বিয়লি ভাগত কামপুৰ প্ৰমিলাত সংঘটিত হয় শোকাৱহ ঘটনা ৷ বানৰ কৱলৰ পৰা নিজৰ বাসগৃহৰ সামগ্ৰী বচাবলৈ গৈ কৰুণ মৃত্যুক সাৱতিলে এজন লোকে ৷ মৃত্যু হোৱা লোকজন ৰাজু হাজাৰী ৷ ঘৰৰ সামগ্ৰী বচাবলৈ গৈ পানীত ডুবি যায় লোকজন ৷ স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে ব্যক্তিগৰাকীক মৃত ঘোষনা কৰে।আজি ৰহাত বান পৰিস্থিতিৰ বুজ লবলৈ উপস্থিত হয়হি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। ৰহাত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে বৰ্ণাত্যসকলৰ খবৰ লয়। ৰহাৰ চাপৰমুখত পানীৰ মাজত খোজ কাঢ়ি পৰিদৰ্শন কৰে বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ লগতে পৰিদৰ্শন কৰে ৰহা কামপুৰ পথৰ তিনিখুটিৰ খহনীয়া ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|