অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হ’ব নোৱাৰে, স্পষ্ট কৰি দিলে কেন্দ্ৰীয় মন্ত্ৰীয়ে

অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ কাৰণে দীৰ্ঘদিন ধৰি অসমৰ ৰাইজৰ লগতে ৰাজ্যখনৰ দল-সংগঠন, জনপ্ৰতিনিধিয়ে দাবী জনাই অহাৰ মাজতে সোমবাৰে ৰাজ্যসভাত জলশক্তি দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰতনলাল কাটাৰিয়াই এই কথা স্পষ্ট কৰি দিয়ে। 

News18-Assam
Updated:July 2, 2019, 12:47 PM IST
অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হ’ব নোৱাৰে, স্পষ্ট কৰি দিলে কেন্দ্ৰীয় মন্ত্ৰীয়ে
অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ কাৰণে দীৰ্ঘদিন ধৰি অসমৰ ৰাইজৰ লগতে ৰাজ্যখনৰ দল-সংগঠন, জনপ্ৰতিনিধিয়ে দাবী জনাই অহাৰ মাজতে সোমবাৰে ৰাজ্যসভাত জলশক্তি দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰতনলাল কাটাৰিয়াই এই কথা স্পষ্ট কৰি দিয়ে। 
News18-Assam
Updated: July 2, 2019, 12:47 PM IST
অসমৰ বানপানী সমস্যা ৰাষ্ট্ৰীয় সমস্যা হ’ব নোৱাৰে আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ বানপানী প্ৰতিৰোধৰ বাবে অভিলাষী ব্ৰহ্মপুত্ৰ খনন আঁচনিও বাস্তৱসন্মত নহয়। সোমবাৰে দেশৰ উচ্চ সদনত এই কথা উল্লেখ কৰে কেন্দ্ৰীয় চৰকাৰে। সেই অনুসৰি অসমত প্ৰতি বছৰে হোৱা বানপানীয়ে ৰাজ্যখনৰ বিস্তৰ ক্ষতিসাধন কৰিলেও অসমৰ বানপানীয়ে লাভ কৰিব নোৱাৰে ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি। অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰাৰ কাৰণে দীৰ্ঘদিন ধৰি অসমৰ ৰাইজৰ লগতে ৰাজ্যখনৰ দল-সংগঠন, জনপ্ৰতিনিধিয়ে দাবী জনাই অহাৰ মাজতে সোমবাৰে ৰাজ্যসভাত জলশক্তি দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ৰতনলাল কাটাৰিয়াই এই কথা স্পষ্ট কৰি দিয়ে। সাংসদ বিশ্বজিৎ দৈমাৰীয়ে সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যাৰ স্বীকৃতি প্ৰদান কৰিব নোৱাৰাৰ কথা স্পষ্ট কৰি কয় যে গৃহ মন্ত্ৰালয়ৰ অধীনত থকা ৰাজ্যিক দুৰ্যোগ বা ৰাষ্ট্ৰীয় দুৰ্যোগ সংহাৰি পুঁজিৰ বৰ্তমান যি আঁচনি আছে সেই আঁচনিৰ অধীনত বানপানীকে ধৰি কোনো দুৰ্যোগকে ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে ঘোষণা কৰাৰ ব্যৱস্থা নাই। মন্ত্ৰীগৰাকীৰ এই মন্তব্যই স্পষ্ট কৰিলে যে অসমবাসীয়ে বা জনপ্ৰতিনিধিয়ে দাবী কৰিলেও ৰাজ্যখনত প্ৰতিবছৰে হোৱা বানপানীক কেন্দ্ৰই ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰিব নোৱাৰে।

মন্ত্ৰীগৰাকীয়ে স্বীকাৰ কৰে যে অসমত প্ৰতিবছৰে হোৱা বানপানীয়ে জীৱন–সম্পত্তি ধ্বংস কৰাৰ লগতে পাৰিপাৰ্শ্বিক অসমতাৰো সৃষ্টি কৰে। বিভিন্ন কাৰণত বানপানী সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি ইয়াক প্ৰাকৃতিক দুৰ্যোগ হিচাপে অভিহিত কৰে। অৱশ্যে বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিলে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা সাহাৰ্য আগবঢ়োৱা হয় বুলি তেওঁ মন্তব্য কৰে। ইফালে বানপানীৰ ভয়াৱহতা ৰোধ কৰাৰ লগতে ইয়াৰ পৰা ৰক্ষা পোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব বুলি স্পষ্ট কৰি দি তেওঁ ক’লে যে কেন্দ্ৰীয় চৰকাৰে কেৱল কাৰিকৰী আৰু প্ৰযুক্তিগত দিশত এইক্ষেত্ৰত ৰাজ্য চৰকাৰক বিভিন্নধৰণে সহায় কৰিব পাৰে। বৰ্তমানলৈ বান ব্যৱস্থাপনা শিতানত বিভিন্ন আঁচনিৰ অধীনত অসমলৈ ১,২০১,৩৬ কোটি টকা কেন্দ্ৰৰ পাৰ মোকলাই দিয়া হৈছে বুলিও মন্তব্য কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি