হাস্পতালত পানী, নাও–ভূৰেৰে চিকিৎসাৰ বাবে আহিবলগীয়া হৈছে ৰোগী

News18 Assam | News18-Assam
Updated:June 29, 2020, 7:36 PM IST
হাস্পতালত পানী, নাও–ভূৰেৰে চিকিৎসাৰ বাবে আহিবলগীয়া হৈছে ৰোগী
বানৰ কবলত পৰিছে সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ মন্দিৰ৷

বানৰ কবলত পৰিছে সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ মন্দিৰ৷

  • Share this:
ৰাজ্যত চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত বুঢ়াদিয়া নৈৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাইছে৷ বুঢ়াদিয়া নৈৰ পানী সোমাই ইতিমধ্যে সৰ্থেবাৰী অঞ্চল প্লাবিত কৰিছে। ইতিমধ্যে বানৰ কবলত পৰিছে সৰ্থেবাৰীৰ ত্ৰিশখন বিচনাযুক্ত সৰুক্ষেত্ৰী গ্ৰাম্য চিকিৎসালয়৷ হাস্পতালখন বানৰ কবলত পৰাৰ ফলত ৰোগীসকল অভাৱনীয় সমস্যাৰ সন্মুখীন হৈছে৷ নাও বা ভূৰত উঠি হাস্পতাললৈ যাবলগীয়া হৈছে ৰোগীসকল৷

ইপিনে বানৰ কবলত পৰিছে সৰ্থেবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী জগন্নাথ মহাপ্ৰভুৰ মন্দিৰ৷ মন্দিৰৰ কীৰ্তন ঘৰৰ ভিতৰত একাঁঠু পানী৷ বুঢ়াদিয়াৰ বানক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে সৰ্থেবাৰী নগৰবাসী৷ বিশেষকৈ বুঢ়াদিয়াৰ বানে সৰ্থেবাৰী অঞ্চলৰ কেইবাখনো গাঁও প্লাবিত কৰি তোলাৰ লগতে বহু পৰিয়ালৰ ঘৰ–দুৱাৰ বুৰাই পেলাইছে।
First published: June 29, 2020, 7:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading